ভয় লাগে !
পালেঙত পৰা লগে লগে যদি আকাশত চাংপতা সপোন বোৰ মোৰ চকুৰ মাজলৈ নামি আহে।
যদি জোনাকী আহি প্রেমৰ গান গাই ?
বৰ ভয় লাগে জানানে ..!
আইতাই কয় ,.বোপাই ৰাতি নোলাবি।
ভূত আহিব, পিকচার্স আহিব আৰু আৰু,.. মোনাত ভৰাই লৈ যাব বহুত দূৰলৈ...
কাৰণ, এতিয়া ৰাতি আমাৰ
আৰু তাঁহাতৰ ৰাতিপুৱা।
পুৱা ভাগত।
আইতাই কোৱা আম গছৰ তলত, সিলিখা তলত বিচাৰি ফুৰিবলৈ যাও, নাই তাত দেখোন একোৱেই নাই।
ইচ,.. মানে ৰাতি আইতাই থগিলে ।
তথাপিও আই কোৱা
সেই সন্ধিয়া পৰতে ঘৰ ফালে
খোজ লওঁ এখোজ,দুখোজ..
কাৰণ ৰাতিলৈ মোৰ ভয় লাগে।
ৰহস্য কথা আজিলৈকে আইতাই কোৱা সেই ভূত, পিকচার্স,. কেইতা দেখা নাই ,
নৰপিকাচ কেইতাহে ওলায় ।
সেইকাৰণে জানা..
ৰাতিলৈ মোৰ বৰ ভয় লাগে!
✍️ছানিয়া কুমাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ