বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৩~হেমেন হাজৰিকা

©Admin
0

( যোৱা সংখ্যাৰ পিছৰ পৰা )
ব্ৰিটিছৰ স্বাৰ্থৰক্ষাকাৰী এনে এচাম লোকেই তলৰ বৃহত সংখ্যক জনসাধাৰনক ভাৰতীয় ভাষা সাহিত্যৰ বিকাশৰ যোগেদি পশ্চিমীয়া আৰ্হিৰ শিক্ষাৰে , পশ্চিমীয়া পূঁজিবাদী তথা দেশীয় সামন্তবাদী মতাদৰ্শৰ সংম্ৰিশ্ৰনত এক চুড়ান্ত প্ৰতিক্ৰীয়াশীল , আওপুৰণি  ধৰ্মীয় মতাদৰ্শৰে শিক্ষিত কৰি তেওঁলোকক চিৰদিন গোলামীৰ শিকলিৰে বান্ধি ৰাখিব পাৰিব | এয়াই আছিল মেকলেৰ শিক্ষানীতিৰ মূল কথা | আচলতে মেকলেৰ এই শিক্ষানীতিৰ আঁৰত আছিল ভাৰতবৰ্ষত ব্ৰিটিছৰ প্ৰত্যক্ষ উপনিবেশৰ সলনি এক পৰোক্ষ উপনিবেশ স্থাপনৰ গোপন পৰিকল্পনা | অৰ্থাত ভাৰতীয় সকলকৰ দ্বাৰাই বৈচিত্ৰৰ মাজত ঐক্য ( unity in Diversity ) আৰু ভাগ ভাগ কৰি শাসন কৰা ( Divide and Rule) নীতিৰে গণতণ্ত্ৰৰ নামত শাসন -শোষণ চলাই পিছলৈ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী স্বাৰ্থ অক্ষুন্ন ৰখাৰ নীতি |
  মেকলেৰ শিক্ষানীতি কাৰ্যকৰি কৰিলে গবৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেংটিকে ১৮৩৫ চনত | ভাৰতত ইংৰাজী শিক্ষাৰ ধুম উঠিল | চাৰিওফালে ইংলিচ মিডিয়াম স্কুল স্থাপন হ'ল | কলেজ স্থাপন হ'ল | জমিদাৰ, মহাজন , আমোলা পুজঁপতি শ্ৰেণীৰ সন্তান সকলৰ উপৰিও গৰীৱ শ্ৰেণীৰ মেধাসম্পন্ন সন্তানকো চৰকাৰী জলপানী দি ব্ৰিটিছ চৰকাৰে ইংৰাজী শিক্ষাৰে শিক্ষিত কৰাৰ পূৰ্ণাংগ ব্যৱস্থা কৰি দিলে | অন্য ফালেদি কোটি কোটি গৰীৱ জনসাধাৰনক বিশেষকৈ ভাৰতৰ বিশাল গ্ৰামাঞ্চলৰ কৃষক সম্প্ৰদায়ক শিক্ষিত কৰাৰ কোনো সত অভিপ্ৰায় ব্ৰিটিছ ঔপনিবেশিকতাবাদীহঁতৰ নাছিল | কিন্তু মেকলেজ চিলড্ৰেন অৰ্থাত কলা চাহাব সৃষ্টিৰ পৰিকল্পনাক বিস্তৃত ৰূপ দি ভাৰতত ব্ৰিটিছ শাসনক নিকপকপীয়া কৰাৰ স্বাৰ্থত ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ স্থানীয় ভাষা সাহিত্যৰ বিকাশ হোৱাটোও বিছাৰিছিল যাতে ইংৰাজী নজনা জনসাধাৰনৰ বিশাল অংশটোৱেও নিজ নিজ মাতৃভাষাৰ যোগেদি ব্ৰিটিছে যোগানধৰা মানসিক খাদ্য খাই চিৰদিন গোলামীৰ নাগপাশত বন্দী হৈ থাকিব পাৰে | তাৰবাবেই তথাকথিত মিছনেৰী সকলৰ সহযোগোত ব্ৰিটিছ চৰকাৰে স্থানীয় ভাষাৰ ব্যাকৰণ , শব্দকোষ , পাঠ্যপুথি , বাতৰি কাকত ,আলেচনী ইত্যাদি প্ৰকাশৰ ব্যৱস্থা কৰি দিয়াৰ লগতে স্থানীয় ভাষাৰ সাহিত্য ৰচনা তথা গৱেষনাৰ ওপৰতো গুৰুত্ব আৰোপ কপিছিল | আমি এই কথা পাহৰিলে নচলিব যে ব্ৰিটিছে এই আটাইবোৰ কৰিছিল একমাত্ৰ সাম্ৰাজ্যবাদৰ স্বাৰ্থত |
আগলৈ

   🖋️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)