আকৌ উভতিবলৈ মন যায়,
যি বাটত এৰি আহিছোঁ
মোৰ শৈশৱ,
এৰি আহিছোঁ কৈশোৰ,
এৰি আহিছোঁ
মোৰ নষ্টালজিয়া অতীত।
যি বাটত মোৰ আইৰ
হাতৰ আঙুলিত ধৰি
খোজকাঢ়িবলৈ শিকিছিলোঁ,
যি বাটত দেউতাৰ পিঠিত উঠি
ৰাস -লীলা কৰিছিলো
যি বাটত দেউতাৰ ৰঙাচকু দেখি
পলাই পত্ৰং দিছিলো,
আইৰ মৰমৰ মাতত
আকৌ উভতি আহিছিলোঁ।
আকৌ উভতিবলৈ মন যায় সেই বাটলৈ।
যি বাটত হেৰুৱাইছোঁ
মোৰ ৰুগ্ন প্ৰেয়সীক আৰু
দাপোন কৰিছোঁ বিধ্বস্ত প্ৰেমক,
যি বাটত সমাধিস্থ মোৰ সপোন আৰু
কবৰস্ত হৈছে মোৰ হৃদয় নামৰ দাপোন।
আকৌ উভতিবলৈ মন যায় সেই ঠাই লৈ
যি ঠাইত এন্ধাৰৰ ফাঁকেৰে পোহৰ নামি আহিছিল,
যি ঠাইত চন্দ্ৰৰ আগমনে সূৰ্য্যৰ মৃত্যু হৈছিল,
যি ঠাইত ফাগুনৰ আগমনে
গছৰ ঠালবোৰ নাঙঠ হৈ পৰিছিল,
সৰি পৰা পাতবোৰে ক্ৰন্দন কৰিছিল,
পলাশ-মদাৰৰ সুবাসে পৃথিৱী সুভাষিত হৈছিল।
আকৌ উভতি যাবলৈ মন যায় সেই ঠাইলৈ
যি ঠাইত বসন্তৰ আগমনে
।পৃথিৱী গৰ্ভৱতী হৈছিল,
ৰিম-ঝিম বৰষুণৰ পৰশত
কুঁহিপাতে পাখি মেলি ওলাইছিল,
কপৌ ফুলৰ পাহিত বহি
কুলি-কেতেকীয়ে নৃত্য কৰিছিল।
এখন সেউজীয়া চাদৰে
পৃথিৱীক ছানি ধৰিছিল।
আকৌ উভতি যাবলৈ মন যায় সেই ঠাইলৈ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ