তুমি কেতিয়া আহিবা-হুমায়ুন কবিৰ

 হৃদয়ত এথোপা গোলাপেৰে, 

 সজাই ৰাখিছো ! 

 "একাজ্বলি ভালপোৱা" 

 মাথো তোমাৰ অপেক্ষাই, 

 তুমি কেতিয়া আহিবা ?? 

 গোলাপ পাহিওঁ শুকাই গ'ল 

 তুমি যে এতিয়াওঁ নাহিলা ? 

 কিহেৰে তুলনা কৰিম 

 নাই যে একো, 

 তোমাৰ লগত ৰিজোৱাৰ; 

 কিয়োনো......? 

 তুমি যে তুলনাবিহীন 

 সাগৰৰ দৰে গভীৰ 

 আকাশৰ দৰে বিশাল ৷ 

 হাজাৰ দুখ নেওঁচিও 

 তুমি যে হৃদয়ৰ বান্ধোনত 

 জীয়াই ৰাখিছা ? 

 একাজ্বলি ভালপোৱা ।

   🖋️ হুমায়ুন কবিৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send