বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৯-হেমেন হাজৰিকা

Rinku Rajowar
0
মোদী ডাঙৰীয়া দ্বিতীয় বাৰৰ বাবে ক্ষমতাত বহাৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে পূৰ্ব পৰিকল্পিত ভাবে অতি খৰখেদাকৈ ড° কস্তুৰীৰংগন কমিটিৰ দ্বাৰা অনুমোদিত শিক্ষানীতি ( ২০১৯ ) ৰ অধীনত ২০০খন বিদেশী বিশ্ববিদ্যালয়ত ভাৰতত প্ৰত্যক্ষ ভাবে শিক্ষানুষ্ঠান খুলিবলৈ অনুমতি দিছে | এতিয়া কথা হ'ল এই ২০০খন বিদেশী বিশ্ববিদ্যালয়ে ভাৰতত যিবোৰ School,College ব্যৱসায়ীক লক্ষ্যৰে স্থাপন কৰিব সেইবোৰৰ মাধ্যম নিশ্চয় ইংৰাজীয়েই হ'ব | আমেৰিকা ইউৰোপৰ দৰে পুঁজিবাদী সাম্ৰাজ্যবাদী দেশৰ পৰা অহা এই ২০০খন বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা দিবনে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সন্তান সকলৰ পৰা ডাঙৰ অংকৰ ফিজ মুনাফা হিচাপে আদায় কৰিব সেই কথা পাঠক সকলেই চিন্তা কৰক |
   এই মুহুৰ্তত আপুনি ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যলৈ গলে দেখিবলৈ পাব কি গাঁও , কি চহৰ সকলোতে বাধাহীন ভাবে হাজাৰ হাজাৰ English Medium  School বেংছটাৰ দৰে গঢ়ি উঠিছে আৰু নিজৰ সন্তানক এই English Medium Schoolত কিবা কপি চিট এটা দিয়াবৰ বাবে মধ্যবিত্ত শ্ৰেণীটোৰ পিচে পিচে দৌৰিছে নিম্ন মধ্যবিত্ত আৰু গৰীব কৃষক শ্ৰমিকৰ পিতৃ-মাতৃ সকলেও | তেওঁলোকৰ সপোন সন্তানক ডাঙৰ মানুহ কৰিব , ডাক্টৰ ইঞ্জিনীয়াৰ কৰিব , সন্তানে ইংৰাজীত কথা ক'ব , ইংলিছ আদপ কায়দা শিকিব , ডাঙৰ চাকৰি ল'ব , দেশ এৰি বিদেশত থাকিব আৰু পাৰিলে বিদেশৰ ছোৱালী এজনীক বা ল'ৰা এটাক বিয়া কৰাই দেশ মাতৃক পিতৃ মাতৃক এৰি একেকোবেই বিদেশী নাগৰিকত্বই লৈ ল'ব | ইতিমধ্যে মেকলেৰ শিক্ষা লৈ ২০ লাখ ভাৰতীয়ই ব্ৰিটিছ নাগৰিকত্ব আৰু ৪০ লাখ ভাৰতীয়ই আমেৰিকাৰ নাগৰিকত্ব লৈছেই | 
    ইংৰাজী মাধ্যমৰ ওপৰত ব্ৰিটিছ চৰকাৰতকৈও তথাকথিত দেশীয় চৰকাৰে বিশ্ব বেংক , আই এম এফৰ নিৰ্দেশত অত্যাধিক গুৰুত্ব দিয়াৰ ফলত সম্প্ৰতি ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত মাতৃভাষাৰ স্কুল সম্পুৰ্ণ লুপ্ত হৈছে | যেনে জম্মু কাশ্মীৰ | এইখন ৰাজ্যত মাতৃভাষাৰ School  সম্পূৰ্ণ লুপ্ত হৈছে | এইখন ৰাজ্যত বৰ্তমান ১০০ ভাগ শিক্ষানুষ্ঠানেই ইংৰাজী মাধ্যমৰ | তেনেকৈ ভাৰতৰ ৰাজধানী দিল্লী মহানগৰত ৫০ ভাগতকৈও অধিক School ইংৰাজী মাধ্যমৰ | অন্ধপ্ৰদেশ তামিলনাডুৰ দৰে আঞ্চলিক ৰাজনীতিৰ কেন্দ্ৰস্থলতো ইংৰাজী মাধ্যমে মাতৃভাষাৰ মাধ্যমক চেৰ পেলাইছেই | অসমতো একেই অৱস্থা প্ৰায় |
      এনে পৰিস্থিতত অসমৰ জনগণৰ মনত বিনামূলীয়া শিক্ষা আৰু অসমীয়া মাধ্যমৰ ভৱিষ্যত সম্পৰ্কত সংশয় অহাটো তেনেই স্বাভাৱিক | বৰ্তমান NDA চৰকাৰেও বিশ্ব বেংক , আই এম এফৰ নিৰ্দেশত শিক্ষাৰ ক্ষেত্ৰত প্ৰতি বছৰে খৰছ কমাই গৈ আছে | অসমৰ হাজাৰ অপ্ৰাদেশিকৃত স্কুলৰ ছাত্ৰ/ শিক্ষকৰ দুৰৱস্থা প্ৰাদেশীকৃত বিদ্যালয়ত নিয়োজিত শিক্ষকৰ চাকৰিৰ অনিশ্চয়তা , লগতে আন্তঃ গাঠনি নোহোৱা চৰকাৰী বিদ্যালয় সমূহত দ্ৰুতগতিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱালৈ চাই অহা পাঁচ দহ বছৰত ভাৰতবৰ্ষৰ লগতে অসমতো বিনামূলীয়া শিক্ষা ব্যৱস্থা যে বিলুপ্ত হৈ যাব ই দিনৰ পোহৰৰ দৰে স্পষ্ট | ইয়াৰোপৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি চৰকাৰৰ যি মাহী আইৰ দৃষ্টি ভংগী আৰু বিদেশী বহুজাগতিক কোম্পানীক অসমৰ গাঁৱে ভূঞে ইংলিছ স্কুল খুলিবলৈ দিয়া অবাধ অনুমতিৰ ফলত জম্মু-কাশ্মীৰ , দিল্লী , কেৰেলা তামিলনাডু , অন্ধপ্ৰদেশ মহাৰাষ্ট্ৰ ,উত্তৰ প্ৰদেশ ৰাজ্যৰ দৰে অসমতো ইংৰাজী মাধ্যমৰ শিক্ষাই অসমীয়া মাধ্যমৰ লগতে অন্যান্য স্থানীয় ভাষাৰ শিক্ষাক যে গ্ৰাস কৰি পেলাব ই তেনেই নিশ্চিত |

 আগলৈ--

       

     🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)