জীৱনৰ লেখ কৰ্মত,ভাল মানুহৰ লেখ চৰিত্ৰত~প্ৰবন্ধ-পৰেশ দাস

©Admin
0
অপ্ৰিয় হ'লেও এয়াই সত্য আৰু শুদ্ধ বুলি মানিবলৈ আমি বাধ্য। আহিছে মানুহ,গৈছে মানুহ,আহিব মানুহ,যাবগৈ মানুহ; মুঠতে এয়া চিৰসত্য নীতিবচন। মানুহ যদিও মৰণশীল তথাপি মানুহে নিজকে অমৰ কৰি থৈ যাব পাৰে। তাৰ উদাহৰণ সমগ্ৰ বিশ্বত গণি শেষ কৰিব নোৱাৰা এটা সংখ্যা। ভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি মানুহ অমৰ হ'বলৈ সক্ষম হৈছে। আমি কেইজন মান মহান ব্যক্তিৰ ব্যক্তিত্বৰ কাষ চাপি যাব পাৰোঁ-
১/মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল ১৫৬৮ খ্ৰীষ্টাব্দত। অসমীয়া সাহিত্য, সমাজ-সংস্কৃতিলৈ যি অৱদান আগবঢ়াই থৈ গ'ল তাৰ কাৰণে আমি সদায়ে তেওঁক মনত ৰাখিব লাগিব।

২/মহাত্মা গান্ধী ভাৰতীয় জাতিৰ জনক। স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁ‌তা। যাৰ বাবে ভাৰতবৰ্ষই ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল। আজি বাপুজী আমাৰ মাজত জীৱিত অৱস্থাত নাই। তথাপি স্বাধীনতা আন্দোলনৰ সৰ্বশ্ৰেষ্ঠ অপৰাজেয় যোদ্ধা হিচাপে মনত ৰাখিছোঁ।  

৩/ আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ নাম আমি সকলোৱে জানো। কাৰণ তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল। বৰ্তমান তেখেত আমাৰ মাজত নাই। তথাপিও তেওঁক আমি পাহৰিব পৰা নাই।কিন্তু আপুনি বা মই কি কৰিছোঁ নিজকে কেতিয়াবা সুধিছোনে? আপোনাৰ মোৰ বয়সত বহুজনে সমাজৰ কাৰণে শুভ কাম কৰি আগবাঢ়ি গৈছে আৰু আপুনি মই কাৰোবাক সমালোচনা কৰোঁতেই দিন বাগৰি গৈছে। আপোনাৰ চিন্তা হৈছে ছোৱালীজনীৰ বিয়াৰ বয়স হৈছে কিয় বিয়াত বহা নাই। অৱশ্যে মাক-দেউতাকৰ খবৰে নাই। কিন্তু আপুনি এদিনো সোধা নাই এই বয়সলৈ সমাজলৈ তাইৰ বা তাৰ অৱদান কিমান। 
     খুব বেছি দিন জীয়াই থকা নাছিল তথাপি জ্যোতিপ্ৰসাদ আগৰৱালা, অমূল্য বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আদিৰ দৰে ব্যক্তিয়ে বয়সৰ জোখেৰে আমাৰ সমাজক বহুত দিলে। তাৰ তুলনাত আমাৰ নদাই-ভদাইহঁতে গাড়ী কিনি,পকী ঘৰ সাজি আত্মগৌৰৱী হৈছে। ভাবি চালে এইবোৰ ক্ষন্তেকীয়া, আনকি জীৱন জীৱন বুলি কোৱা জীৱনটোও দুদিনীয়া, গতিকে এইবাৰ অতি প্ৰয়োজনীয় হ'লেও অৰ্থহীন। যদিহে বয়সৰ জোখেৰে আমাৰ কৰ্মবোৰ আগবাঢ়ি নাযায়। অসমীয়াত এষাৰ কথা আছেই-" জীৱনৰ লেখ কামতহে, বছৰত নহয়" অৰ্থাৎ কোনোবাই কম বয়সতে যিখিনি কৰি যায়,বহুতে দীৰ্ঘ জীৱন পায়ো সেয়া কৰিব নোৱাৰে।

    এতিয়া আহোঁ অন্য এটা প্ৰসংগলৈ। প্ৰসংগটো হৈছে মানুহ আৰু মানুহৰ চৰিত্ৰ। দৈনন্দিন জীৱনত আমি বিভিন্ন মানুহ লগ পাওঁ। কাৰণ মানুহ সমাজ প্রিয় মানুহ। মানুহ মানুহৰ বাবেই। মানুহ যদি মানুহৰ বাবে নহয় তেন্তে দানৱ কাহানিও মানুহ হৈ নুঠে। ভূপেন হাজৰিকাই গীতৰ মাজেৰে কৈ গৈছে-"মানুহ যদিহে নহয় মানুহ,দানৱ কাহানিও নহয় মানুহ..." কিন্তু পৃথিৱীৰ অসংখ্য মানুহেই যেন দানৱ। চাৰিওফালে হত্যা,লুণ্ঠন,ধৰ্ষণ। ইমানৰ পাছতো কিন্তু আমি জীৱ শ্ৰেষ্ঠ। তাৰ কাৰণ আজিও ভাল মানুহ জীয়াই আছে। এতিয়া প্ৰশ্ন হয় ভাল কোন? বেয়া কাম কৰাৰ পাছত নিজ ভালেই জগত ভাল বোলা কথাষাৰিও বহু ক্ষেত্ৰত অৰ্থহীন হৈ পৰে। তথাপিও আমি ভাল মানুহক চিনাক্ত কৰিব পাৰোঁ। আমি দুটা উদাহৰণ বিষয়ৰ লগত সংগতি ৰাখি টানি আনিবলৈ যত্ন কৰিছোঁ-
১/ নীলিমা বৰুৱা এগৰাকী প্ৰফেচৰ । তেওঁ ভাল দৰমহা পায়। মহান বৃত্তি এটাত জড়িত। কিন্তু পৰপুৰুষৰ সৈতে সম্পৰ্ক থকা কিছুমান বাতৰি আমি কাকতত,সামাজিক মাধ্যমত পঢ়িবলৈ পাওঁ। গতিকে ভাল চাকৰি কৰিলেও এনে মানসিকতাৰ মানুহক আমি ভাল বুলি ক'ব নোৱাৰিম।

২/গাঁওখনৰ এজন নাম থকা ব্যক্তি প্ৰভাত বৰুৱা। সকলোৱে তেওঁক শ্ৰদ্ধা কৰে। কিন্তু প্ৰভাত বৰুৱাই জীৱনত কৰা এটা ভুলে তেওঁ সকলো গৰিমা শেষ কৰিলে। কালি দূৰদৰ্শনত বাজি উঠিল যে হাতীগাঁৱৰ প্ৰভাত বৰুৱাই নিজ পত্নীৰ থকাৰ পাছতো ফেচবুকত অন্য তিৰোতাক অশ্লীল ইংগিত দিয়ে।
   এয়া মাত্ৰ সামান্য উদাহৰণ। ভাল বুলি জ্ঞান কৰি অহা,শ্ৰদ্ধা কৰা বহু ব্যক্তি এসময়ত বেয়া হৈ পৰে। বহু সুন্দৰ সম্পৰ্ক ধ্বংস হৈ যায়। সেয়ে নিজৰ চৰিত্ৰক কেনেকৈ ভাল কৰিব পাৰি তাক গুৰুত্ব দি চলিব লাগে। আপুনি যিমানেই ভাল চাকৰি নকৰক,নামী-দামী গাড়ী নিকিনক; যদিহে চৰিত্ৰত দুখ আছে তেন্তে আপুনি সমাজৰ আৱৰ্জনাৰ বাহিৰে আন একো নহয়। সেয়ে নিজেই ভাল হৈ থাকক,আন দহজনক ভাল কৰিবলৈ চেষ্টা কৰক। দেখিব সমাজ সুন্দৰ হৈ সোণৰ দৰে উজলি থাকিব। কাৰণ ভাল মানুহৰ লেখ চৰিত্ৰৰে জোখা হয়।

✍️পৰেশ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)