বৰ্তমান আৰু প্ৰাচীন ভাৰতৰ গুৰু আৰু শিষ্যৰ সম্বন্ধ~প্ৰৱন্ধ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
বৰ্তমান সময়ত গুৰু আৰু শিষ্যৰ সম্বন্ধটো অধিক সক্ৰিয় আৰু ঘনিষ্ঠ হোৱা উচিত। গুৰু আৰু শিষ্যই অধিক সময় ঘনিষ্ঠভাৱে অতিবাহিত কৰাৰো প্ৰয়োজন আছে। কাৰণ শিষ্যই গুৰুৰ পৰা শিকিবলগীয়া কথাৰ অন্ত নাই। বিদ্যাৰ্থীয়ে সদায় নিজ পিতৃ-মাতৃৰ পাছতে নিজৰ শিক্ষাগুৰুক স্থান দিয়া উচিত। আমাৰ সকলোৰে জ্ঞাত যে "শিক্ষকসকল সমাজৰ জাগ্ৰত প্ৰহৰীৰ দৰে, তেখেতসকল বহুতো ভাল গুণৰ অধিকাৰী।"ছাত্ৰই শিক্ষকৰ পৰা সেই ভাল গুণবোৰ আয়ত্ত কৰি ল'ব লাগে আৰু সেইবোৰ উচিত কামত ব্যৱহাৰ কৰাৰ কায়দা শিকি ল'ব লাগে।যেতিয়াই শিক্ষক আৰু ছাত্ৰই অন্তৰংগভাৱে বেছি সময় অতিবাহিত কৰিব তেতিয়াই তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰিব। ইয়াৰ দ্বাৰা শিক্ষকজনে ছাত্ৰজনৰ ভাল আৰু বেয়া দিশবোৰৰ বিষয়েও জানিব পাৰিব আৰু প্ৰয়োজন হ'লে ছাত্ৰজনক শিক্ষকজনে বুজাই-বঢ়াই ভাল পথলৈ আনিবলৈ চেষ্টাও কৰিব পাৰিব।
             শিক্ষকৰ লগত ছাত্ৰসকলে যিমান পাৰি সিমান সময় অতিবাহিত কৰিব লাগে। ছাত্ৰই শিক্ষকৰ উপদেশ সদায় মানি চলিবলৈ চেষ্টা কৰিব লাগে। প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থাত শিষ্যসকলে গুৰুৰ গৃহত বা আশ্ৰমত থাকি অধ্যয়ন কৰিছিল।সেই সময়ত শিষ্যসকলে গুৰুৰ প্ৰতিটো উপদেশ আখৰে আখৰে পালন কৰিছিল। ছাত্ৰসকলে আশ্ৰমত থাকি অধ্যয়ন কৰাৰ বাবে অধিক সময় গুৰুৰ লগত অতিবাহিত কৰিব লগা হৈছিল। ছাত্ৰসকলে সেই কালত পুৱা সোনকালে শয্যা ত্যাগ কৰিব লাগিছিল।কি খাব লাগে,কি খাব নালাগে,কি কৰিব লাগে,কি কৰিব নালাগে,কি কৰিলে ভাল হয় নাইবা কি কৰিলে বেয়া হয় আদিবোৰ কথা গুৰুৰ পৰা শিষ্যসকলে শিকিছিল।
               প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত শিক্ষকসকলে শিষ্যসকলক কেৱল পঢ়াতে আৱদ্ধ নাৰাখি অন্যান্য শিকিবলগীয়া কামবোৰো শিকাইছিল। শিষ্যসকলে গুৰুৰ গৃহত থাকি নৈতিক শিক্ষাও আহৰণ কৰিছিল। এইখিনিতে প্ৰাচীন ভাৰতৰ গুৰু- শিষ্যৰ বিষয়ে প্ৰচলিত এটি পুৰণি কাহিনী উল্লেখ কৰিব পাৰি। কাহিনীটো এনেধৰণৰ- "আয়োদধৌম্য নামে এজন ঋষিৰ শিষ্যসকলৰ ভিতৰত আৰুণি আৰু উপমন্যু নামে দুজন শিষ্য আছিল।দুয়োৱে গুৰুৰ ওচৰত নানান শাস্ত্ৰ অধ্যয়ন কৰি বিশেষ দক্ষতা অৰ্জন কৰিছিল।ঋষিয়ে তেওঁলোকৰ গুৰুভক্তিৰ প্ৰমাণ চাবলৈ এদিন আৰুণিক ক'লে-তুমি পথাৰলৈ যোৱা।পথাৰৰ আলিবোৰ ভালকৈ মেৰামতি কৰিবা।চাবা যাতে খেতিৰ পথাৰৰ পৰা পানী ওলাই নাযায়।
              আৰুণিয়ে গৈ পথাৰৰ আলিবোৰ ভালকৈ দিলেগৈ হয় , কিন্তু এফালেদি কোনো উপায়েৰে পানী বন্ধ কৰিব নোৱাৰিলে।পানী সোঁতে 
 বাৰে বাৰে আলিটো ভাঙি পেলায়।নিৰুপায় হৈ আৰুণিয়ে নিজে কাতি হৈ পৰি পানীৰ সোঁত বন্ধ কৰিবলৈ চেষ্টা কৰিলে।লাহে লাহে আন্ধাৰ হৈ আহিল, আশ্ৰমলৈ আৰুণি কিন্তু ঘূৰি নাহিল।গুৰুৱে আন শিষ্যসকলৰ সৈতে আৰুণিক বিচাৰি পথাৰ পালেগৈ।আৰুণিৰ চেষ্টা আৰু গুৰুভক্তি দেখি ঋষি সন্তুষ্ট হ'ল আৰু সেইদিনাৰ পৰা উদ্দালক নাম দিলে আৰু সকলো শাস্ত্ৰতে অধিক ব্যুৎপত্তি হ'ব বুলি আশীৰ্বাদ দি আশ্ৰমৰ পৰা বিদায় দিলে।"
             এইদৰেই প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত গুৰুসকলে শিক্ষাদানৰ অন্তত  শিষ্যসকলৰ গুৰুৰ প্ৰতি থকা ভক্তি আৰু জ্ঞানৰ প্ৰমাণ লৈ আশ্ৰমৰ পৰা তেঁওলোকক বিদায় দিছিল।আৰুণিৰ এই কাহিনীটোৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে , তেওঁৰ দৰে বৰ্তমান ছাত্ৰসকলে শিক্ষকে দিয়া প্ৰতিটো কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াকে কৰিলে এহাতে যেনেকৈ ইয়াৰ দ্বাৰা গুৰুভক্তি প্ৰকাশ পায় আনহাতে তেনেকৈ শিষ্যৰ কৰ্তব্যনিষ্ঠা আৰু অধ্যৱসায়ী মনোভাৱৰ প্ৰমাণ হয়। প্ৰাচীন কালত  এইদৰেই গুৰুৰ  সান্নিধ্যত থাকি শিষ্যৰ ব্যক্তিত্বই গঢ় লৈ উঠিছিল।
             বৰ্তমানৰ শিক্ষা ব্যৱস্থা প্ৰাচীন কালৰ তুলনাত কিন্তু সম্পূৰ্ণ বিপৰীত। বৰ্তমানৰ বিদ্যাৰ্থীসকলে কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকিব বিচাৰে। প্ৰাচীন কালৰ দৰে আজিকালি শিক্ষক আৰু ছাত্ৰসকলে অধিক সময় একেলগে অতিবাহিত কৰাৰ সুযোগ আৰু সুবিধা নাপায়। যিকণ সময় পায় , সেইখিনি সময় পাঠ্যপুথিৰ শিক্ষণ- শিকণতেই পাৰ হয়।কম সময় পোৱাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো সম্বন্ধ গঢ় লৈ উঠিব লাগে সেই সম্বন্ধটো গঢ়ি নুঠে। বৰ্তমানৰ বিদ্যাৰ্থীসকলে  কেৱল পাঠ্যপুথিতে আৱদ্ধ হৈ থকাৰ বাবে গুৰুৰ ঘনিষ্ঠ সান্নিধ্যৰ যোগেদি লাভ কৰিব পৰা ভাল গুণবোৰৰ আয়ত্তৰ পৰাও  বঞ্চিত হয়। ফলত তেওঁলোক  একো একোজন ভদ্ৰলোক,সু- চৰিত্ৰৰ লোক হোৱাৰ পৰাও বঞ্চিত হয়।
             আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে। পঢ়াৰ বাদেও আমাৰ শিক্ষকসকলে বিদ্যাৰ্থীসকলক নৈতিক শিক্ষা প্ৰদান কৰিব লাগিব। নৈতিকতা ,সততা আৰু মানৱতাবোধৰ ওপৰতো গুৰুত্ব দিব লাগিব। কেনেকৈ জগতত নিজকে ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়তো ছাত্ৰসকলক  শিক্ষা দি আগুৱাই নিব লাগিব। এইবোৰৰ বাবে এটা ভাল পৰিৱেশৰ একান্তই প্ৰয়োজন। ইয়াৰ বাবে শিক্ষক আৰু বিদ্যাৰ্থীয়ে অধিক সময় বিদ্যালয়ত কটাব লাগিব আৰু বিদ্যাৰ্থীক ভাল গুণবোৰ আয়ত্ত কৰিবলৈ দি বেয়াবোৰ শুধৰাই দিব লাগিব। তেতিয়াহে বৰ্তমানৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব পৰা যাব।
                চেষ্টা কৰিলে যিকোনো কামেই সমাধা কৰিব পাৰি। বৰ্তমান শিক্ষক , অভিভাৱক, বিদ্যাৰ্থী,সমাজ, আদি সকলো একগোট হৈ চেষ্টা কৰিলে নিশ্চয় বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো  প্ৰাচীন ভাৰতৰ দৰে জিলিকাই তুলিব পৰা যাব।তেনে অৱস্থা হ'লে কোনো এজন বিদ্যাৰ্থীয়েই নিবনুৱা জীৱন অতিবাহিত কৰিব নালাগিব। তেওঁলোকে নিজকে একো একোজন সু- নাগৰিক হিচাপে গঢ় দিব পাৰিব। 
               আহক, আমি সকলোৱে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত হাত উজান দিওঁ।সদৌশেষত এষাৰ কথাৰে সামৰিব বিচাৰিলোঁ -"শিক্ষকসকল হ'ল এডাল মমবাতিৰ দJৰে,যি নিজে জ্বলি আনকো পোহৰ দিয়ে।

✍️ দিপশিখা ৰাজকোঁৱৰ।
     একাদশ শ্ৰেণী।
     ঊষাপুৰ কোঁৱৰ গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)