দস্তাবেজ-যুগল কিশোৰ ৰ্শমা

Rinku Rajowar
0
কদৰ্যময় মই আজি তোমাৰ সপোনত......
সপোন মই ভালপাঁও য'ত তুমি....।
সময়ৰ ব্যস্ততাত ভগ্ন হৃদয়ৰ অব্যক্ত কৰুণ দস্তাবেজ,
স্মৃতিৰ শিতল ছাঁত ৰাখিছোঁ হৃদয় কেনভাচত।
সময় উলিয়াই চাবাচোন লুটিয়াই ভগ্ন হৃদয়ৰ প্ৰণয়ৰ দস্তাবেজবোৰ।
মুঠি জোনাকৰ তীব্ৰ ৰেঙণিতো  যেন সকলো ম্লান....
কেউফালে তুমি হীনতাৰ নিস্তব্দ নিতাল।
খিলখিলিয়া হাঁহিএতিয়া অতীত,
প্ৰতিদানত মাথোঁ অশ্ৰু দুধাৰি।
সেই ঘাতমাউৰা তিক্ত অশ্ৰুৱে ধুই নিব
শোকৰ নিভৃত তেজাল স্মৃতি।
তোমাক সুখী কৰাৰ জোখেৰ দিছিলোঁ মৰম 
সন্তুষ্ট কৰিবহে নোৱাৰিলোঁ......।
অৱশেষত প্ৰত্যুত্তৰত পালো আৰু নোৱাৰোঁ....
 চেষ্টা  কৰিয়ো মই অপাৰগ।
বাউলি বাৰিষাই বুজে কি!
উদং পথাৰৰ খতিয়ান।
লঠঙা আজি মোৰ মৰৎ বৃক্ষ,
তাকে দেখি হৃদয়ৰো উচুপনি ক্ৰন্দন।

✍️যুগল কিশোৰ ৰ্শমা
  কামৰূপ মহাবিদ্যালয় চামতা
   জিলা- নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)