জীৱন আকাশত অযুত তৰাৰ জ্যোতি-জুৰিমণি মুদৈ

Rinku Rajowar
0
প্ৰতি পল,প্ৰতি ক্ষণতে বাঢ়ি যায়
মোৰ মনৰ উদ্বিগ্নতা আৰু অস্থিৰতা,
ছটফট কৰে বিষাদৰ জুইত
হৃদয়ৰ পোৰা কলিজা।
বিপন্ন সময়ৰ কোবাল ঢৌত
বাঢ়ি যায় নিৰৱধি দুখ আৰু যন্ত্ৰণা
তথাপিও বাঢ়ি যায় 
আশাবোৰ খৰস্ৰোতা নৈ হৈ ।
সেয়ে,মোৰ মনৰ সূৰ্য্যক সাৰথি কৰি
হতাশা,নিৰাশাৰ আন্ধাৰৰ বাট কাটি
সমাধিস্থ কৰি সকলো দুখ-যন্ত্ৰণাক
আলোকসন্ধানী মোৰ দৃঢ়চেতা মনে
উজ্বলাব বিচোৰোঁ মোৰ জীৱন আকাশত
থুপি থুপি অযুত তৰাৰ জ্যোতি
সেয়ে, এই যাত্ৰা মোৰ
দুৰ্যোগৰ সকলো প্ৰাচীৰ ভাঙি।

                       🖋️জুৰিমণি মুদৈ
                         ৰহা, নগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)