তুমি অহাৰ বাবে-লক্ষ্যদিপ সন্দিকৈ

দুষ্ট ফাগুণে আজি আহি
কাণে কাণে দি গ'ল মোৰ ন-কৈ
ফুলি উঠা ভালপোৱাৰ
পাহিটিৰ বতৰা...
তুমি অহাৰ বাবেই।
ধিমি ধিমি জ্বলি থকা
মমডাল হঠাৎ প্ৰাণ পাই উঠিল
কিয় জানা?
তুমি অহাৰ বাবেই
দুটি ওঁঠে সাৰ পাই উঠিল 
নিশাৰ তমসা ভেদি 
তুমি অহাৰ বাবেই।।

🖍️লক্ষ্যদিপ সন্দিকৈ।
 চৰাইদেউ ( বৰহাট)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send