মায়া মোহ-পল্লৱ কুমাৰ

©Admin
0
এদিন মোৰ স্থিতি মাতৃ গৰ্ভত লৈছিল
    সেইদিনা মাঁ যে কিমান আনন্দিত হৈছিল ,
   মোৰ মাতৃৰ কষ্টও লাহে লাহে বাঢ়ি গৈছিল
    কাৰণ মোৰ যে আকৃতি 
         লাহে লাহে ডাঙৰ হৈ আহিছিল।
  এদিন মই পৃথিৱী দেখা পাইছিলোঁ
   প্ৰথম বাৰৰ বাবে মাতৃৰ হাতৰ পৰশ পাইছিলোঁ,
    জীৱনত প্ৰথম বাৰ চকু মেলি
   মাৰ মুখখন দেখিছিলো ,
    মই যে মানৱ জীৱন পালো সেইদিনা উপলব্ধি কৰিছিলো।
  লাহে লাহে মই ডাঙৰ হ'লো 
         জীৱনৰ পথত খোজ ল'লো,
  মাতৃৰ সেই মুখখন মই কিন্তু
            লাহে লাহে পাহৰিব ধৰিলোঁ ।
   এদিন সংসাৰৰ মোহ মায়াত আবদ্ধ হৈ পৰিলোঁ
       মাঁ-দেউতাৰ আশাবোৰ আনৰ বুলি ভাবিলোঁ,
    লাহে লাহে এদিন মোৰ সংসাৰ বাঢ়ি আহিলে
        পত্নীৰ মোহ পুত্ৰৰ মোহে আৱৰি মোক ধৰিলে।
      পৰিয়ালৰ সুখত থাকোতে মা-দেউতা আঁতৰিল,
        নিজৰ কথা ভাবি থাকোতেই সম্পৰ্কবোৰ হেৰাল,
       মোৰো এদিন বয়স হ'ল পুত্ৰ মোৰো ডাঙৰ হ'ল 
         শেষ সময়ত মোৰো জীৱন
                        মা-দেউতাৰ আৰ্হিতেই গ'ল।।
                          

✍️পল্লৱ কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)