মই ধৰ্মপু্ৰ সমষ্টিৰ পৰা কৈছোঁ~ৰাজনৈতিক-অভিজিত মজুমদাৰ

©Admin
0
নিৰ্বাচন সমাগম।

ধৰ্মপুৰ সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰত্যেক গৰাকী প্ৰাৰ্থীক মই সাধাৰণ ভোটাৰ হিচাপে বিনম্ৰভাবে অনুৰোধ জনাইছোঁ যে যদি আপুনি এই নিৰ্বাচনত জয়ী হৈ ধৰ্মপুৰ সমষ্টিৰ অভিভাৱক তথা বিধায়ক হিচাপে নিৰ্বাচিত হয়, তেন্তে আপুনি কি কি পদক্ষেপ তথা কাম কৰিবলৈ ধৰ্মপুৰ সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হব।।সেই বিষয়ে আগতীয়াকৈ ভোটাৰ ৰাইজক অৱগত কৰক।। সম্ভৱ হলে লিখিত ভাবে প্ৰত্যেক গৰাকী ভোটাৰ ৰ হাতত অৰ্পন কৰক।। 

(১)জয়ী হোৱাৰ লগে লগে আপোনাৰ প্ৰথম আৰু প্ৰধান কাম কি হব?

(২)আপুনি সমষ্টিৰ কি উন্নয়ন কৰিব বিচাৰিছে?

(৩)নৱপ্ৰজন্মৰ বাবে আপুনি জয়ী হৈ কি কৰিব বিচাৰিছে? 

(৪)আপুনি ধৰ্মপুৰ সমষ্টিৰ নিবনুৱাৰ বাবে কি পদক্ষেপ ল'ব? 

(৫)শিক্ষা তথা সাংস্কৃতিক দিশত ধৰ্মপুৰক কেনেদৰে আগুৱাই নিয়াৰ কথা চিন্তা কৰিছে?

(৬) জেষ্ঠ্য নাগৰিকসকলক লৈ কিবা চিন্তা তথা নতুন কাম হাতত লোৱা হ'ব নে?

(৭)অহা পাঁচ বছৰত ধৰ্মপুৰ সমষ্টিক ১২৬ টা সমষ্টিৰ ভিতৰত শ্ৰেষ্ঠ সমষ্টি হিচাপে পৰিগণিত কৰিব পাৰিব নে??

(৮) সকলোতকৈ ডাঙৰ প্ৰশ্ন টো হল আপোনাক ধৰ্মপুৰৰ ভোটাৰে কিয় ভোট দিব?? 

এইকেইটা প্ৰশ্নৰ উত্তৰ লিখিতভাৱে ভোটাৰৰ আগত দাঙি ধৰি প্ৰতিশ্ৰুতি দিয়ক যাতে আপুনি জয়ী হৈ এইখিনি কাম সম্পূৰ্ণ কৰে। নকৰিলে যাতে ধৰ্মপুৰৰ ৰাইজে আপোনাক আঙুলিয়াব পাৰে। 

প্ৰত্যেকগৰাকী ভোটাৰৰ হাতত প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ এই প্ৰতিশ্ৰুতি থাকিব প্ৰমাণ হিচাপে।।

জিন্দাবাদ/মূৰ্দাবাদ কৰি ধৰ্মপুৰখনৰ সামাজিক তথা ৰাজনৈতিক পৰিৱেশ অশান্ত নকৰি এখন সুন্দৰ ধৰ্মপুৰ গঠন কৰাত সকলোৱে আগবাঢ়ি আহক। 

কাৰণ এতিয়াৰ ভোটাৰ সজাগ তথা শিক্ষিত। সকলোৱে নিজৰ নিজৰ বহুমূলীয়া ভোটটি ভাবি চিন্তিহে প্ৰদান কৰিব।।

এয়া আমাৰ সময়। আমি আমাৰ পছন্দৰ প্ৰাৰ্থী জনক ভোটদান কৰা টো আমাৰ সাংবিধানিক অধিকাৰ। । সকলোৱে ভোটদান কৰিব ওলাই আহিব।।

✍️ অভিজিত মজুমদাৰ
মুখ্য পৰিচালক
মুকলি পুথিভঁৰাল
ঈগল এডুকেশ্বন ,গুৱাহাটী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)