ফুটপথৰ ছোৱালীজনী-যুগল কিশোৰ শৰ্মা

নহ'বা তুমি OYO নাইবা নীলা ঘৰৰ চিনাকি......!
নালাগে হ'ব তুমি সমাজৰ;
অন্ধ চকুত বন্ধ নিষিধাত্মক লোকৰ বন্ধ কোঠালিৰ খিলি।
চাৰিবেৰৰ মাজত থাকি নিজৰ
নিজৰ যৌন কামনা সিদ্ধি কৰি 
হৈ পৰিব নালাগে তুমি কোনো
ভদ্ৰ ঘৰৰ অভদ্ৰ নাৰী.....!!
যৌন তাড়নাত বলি তুমি.....
মন মগজুৰ জ্ঞান ত্যাগিলা আজি!!
নহ'বা তুমি ৰাস্তাৰ কাষত অশৰীৰি নষ্ট নাৰী;
নালাগে সহিব তুমি ৰেড-লাইট এৰিয়াৰ পাশৱিক শাস্তি!!
নিবিচাৰোঁ তোমাৰ পৰিচয়.....
কেৱলমাত্ৰ চাৰিবেৰৰ মাজৰ বিছনাতে শেষ হোৱা
মাথোঁ আশা ৰাখোঁ এই জগতৰে মীৰা বাই ঝাঞ্চী ৰাণী হোৱাৰ।

✍️যুগল কিশোৰ শৰ্মা।
কামৰূপ মহাবিদ্যালয়, চামতা
নলবাৰী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send