বসন্তৰ চক্ৰবেহুৰে আৱৰা ফাগুণী ছোৱালীজনী-ধনঞ্জয় ৰায়

সেউজীয়াৰ পৰশ পাবলৈ 
ফাগুণী গাভৰু হ'ল
আকাশে ঢোলত চাপৰ দিলে 
ফাগুণীৰ গাত তত্ নাইকিয়া হয়। 

বসন্তৰ মায়াত 
 চৈতন্যহীন ফাগুণী 
বৰষুণজাকে চেতনা ঘূৰালে 
সেউজীয়া পিন্ধি ফাগুণীয়ে যৌৱন ঢাকিলে। 

নিলাজী ফাগুণ আজি 
বসন্তৰ চক্ৰবেহুৰে আৱৰা ছোৱালী।
 
✍️ধনঞ্জয় ৰায়
ধুবুৰী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send