নিজান পথত খোজ কাঢ়ো অকলে
ভয়ে কয় নিজান পথ সাৱধান
ওলাব পাৰে সিংহ বা বাঘ
গচকি যাব তোমাৰ সুকোমল শৰীৰ
সোৱাদ ল'ব তোমাৰ যৌৱনাদীপ্ত মাংসপিণ্ডৰ ....।
পাহাৰখন বগাই যাওঁ অকলে
ভয়ে কয় সাৱধান
পাহাৰখনি খহি ভৈয়ামত পৰিব তুমিও হ'বা আহত।
ভাগৰুৱা দেহ শুকান কণ্ঠ
এটুপি পানীৰ বাবে যেতিয়া
মুখখন গুজি দিওঁ নিজৰাত
ভয়ে কয় ইয়াৰ পানী নাখাবা, বিষাক্ত ...।
জলনিধিৰ বুকুত মেলি দিওঁ পানচৈ অকলে
ভয়ে কয় সাৱধান
জলনিধি নহয় যে শান্ত ,
জলনিধি উগ্ৰ
প্রচণ্ড ঢৌত পানচৈ হ'ব টুলং ভুটং
উটুৱাই নিব অচিনা দেশলৈ ।
ভয় মোৰ ছাঁৰ দৰে
পদে পদে পাওঁ
সাৱধান বাণী কিম্বা ভৱিষ্যৎ বাণী ।
জীৱন নামৰ আলিবাটত
মই দৌৰোঁ আগে আগে
আৰু ভয় মোৰ পিছে পিছে ।
✍️সবিতা দাস
মিৰ্জা (কামৰূপ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ