নীলা খামৰ চিঠি-পৰেশ দাস

  মৰমৰ ,

      অনামী ,আজি তোমালৈ আকৌ একলম। তুমি কোৱা নহয় তোমাৰ বাবে মোৰ শব্দৰ অভাৱ। সেয়ে লিখিছোঁ। পঢ়িবাচোন। তুমি বাৰে বাৰে কোৱা তোমাৰ বাবে মোৰ শব্দৰ অভাৱ...নোৱাৰে...শব্দই তুলি ধৰিব নোৱাৰে কেতিয়াও অন্তৰৰ সমস্ত আকুলতা। সেয়ে মোৰ শব্দৰ অভাৱ। উদঙাই দেখুৱাব নোৱাৰে আকাংক্ষা...সঁচাকৈয়ে শব্দৰ অভাৱ...ভাবৰ ইমান থৌকি-বাথৌ , ৰাখে কেনেকৈ বান্ধি শব্দৰ বুকুত...বুকুৱে হাহাকাৰ কৰে পোৱা হাবিয়াসৰ আবদাৰত..আহ বাৰে বাৰে ক'ব পাৰিনে? কিছুমান শব্দৰে ৰাখিব পাৰিনে ধৰি তোমাক পোৱাৰ অসীম , অনন্ত উদঙীয়া নিচা...
      বহুত ভালপাওঁ তোমাক...মোৰ নিশ্বাসৰ,মোৰ উশাহৰ প্ৰতিটো অংশত তোমাৰ বুকুৰ ঢক্-ঢক্ শুনো মই...। পাহৰিব নোৱাৰোঁ তোমাক , সহ্য কৰিব নোৱাৰিম আনৰ প্ৰতি তোমাৰ আকুলতা...বিচাৰো তোমাক...
     ঠিক সেইদৰে আশা কৰোঁ ক'তো উজুটি নোখোৱাকৈ আগুৱাই যোৱা; সুখী কৰা আপোন সকলোকে...ভালপোৱা মোক...!
    জানানে বহু কথাই এতিয়া মোক স্পৰ্শ কৰিব নোৱাৰে... কাৰোবাৰ গালি-শপনিৰ স্পৰ্শ মোৰ বুকুত নালাগে...এক আৱৰণ তুমি মোৰ বাবে। মোক শক্তিশালী কৰিলা তুমি...।

হেৰুৱাব নোখোজো তোমাক..মোৰ জীৱনৰ প্ৰতিটো ক্ষণত তোমাৰ উপস্থিতি কামনা কৰোঁ মই..জানো আঁতৰি নোযোৱা তুমি মোৰ পৰা। তোমাৰ ভালপোৱাই সেই আশ্বাস মোক প্ৰদান কৰিছে। গোপনে আজি তুমি মোক সোধিছা, তোমাক পাহৰিলে তোমাৰ স্থান কাক দিম মই ? জানানে, মোৰ বুকুত তেনে এডোখৰ ঠাই আছে বুলি মই নাজানিছিলোৱে - তোমাক লগ পাই, মোৰ ধৰণেৰে বুজি গম পালোঁ মোৰ বুকুত এডোখৰ খালী ঠাই আছে আৰু সেয়া কেৱল তোমাৰ বাবেই আছিল...! কাকো দিব নোৱাৰি সেই স্থান আৰু এতিয়াটো তুমি মোৰ দেহ-মন সকলোতে বিয়পি গ'লা.. হাৰিব লাগিব তোমাক পাহৰিলে...তথাপি সকলো উত্তৰ সময়ৰ ওচৰত।

  আজিলৈকে মোৰ মৰমৰ প্ৰতি তোমাৰ দুৰ্বলতা মই বুজি পাওঁ। সেয়ে মই তোমাৰ বুকুৰ পুখুৰীতে থাকিম দিয়া...নদীৰ সোঁতত উটি যোৱা মন মোৰ নাই...যদি মোৰ বাবে আহাৰৰ, থকা ঠাই অভাৱ হয়? ...হা: হা: ধেমালি কৰিছোঁ মোৰ সোণ... জানো কদাপিও নহয়। 
   ভালপাওঁ তোমাক...মোৰ প্ৰতিটো অংগই কয় প্ৰতিটো ক্ষণত ..তুমি মোৰ এতিয়া-" every time of my present life in my heart- I see you,I feel you... Because I love you so much..So much..
     আজিলৈ আহোঁ...।
           Bye
             ইতি
          তোমাৰ ধন

✍️পৰেশ দাস
ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send