ফাগুন~কবিতা~ভেংকট ৰাজোৱাৰ

©Admin
0
খিৰিকী ফাঁকেৰে অহা ৰদালিয়ে
আজি বৰকৈ আমনি কৰিছে
লগতে আনিছে ফাগুনৰ বতৰা।
এক ৰঙীন সপোন, হিয়া ভৰা মৰম
মোৰ প্ৰাণ আপ্লুত কৰা মৃদু সমীৰণ
আজি বিস্তাৰিত এক অলেখ জগতত।
সুমধুৰ চিৰসেউজ জগতত
চলিছে আশাৰ ৰণ ।
আশাবাদী গছ-লতিকা , তৰু-তৃণবোৰে 
পুৰণা সপোনবোৰ ত্যাগ কৰি আজি
কুলুকুলকৈ বৈ অহা জলৰাজৰ লগত তাল মিলাই আৰম্ভ কৰিছে
এক প্ৰেমময় অসীম যাত্ৰা .....
মোৰ প্ৰাণৰ মৰহি যোৱা ফুলপাহত 
ফাগুনে আশাৰ ৰহণ সানি দিছে । 
এক অজান দেশত লুকাই থকা
মোৰ সপোনবোৰে আজি 
হাতবাউলি দি মাতি আছে
"ফাগুন আহিছে উঠা , বʼলা 
আৰম্ভ কৰোঁ আমাৰ এই তীৰ্থ যাত্ৰা । "

  ✍️ভেংকট ৰাজোৱাৰ 
        তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)