পৰিণিতা: পৰিণিতা কলেজলৈ যাবলৈ ওলাল। মণি বেগটো উলিয়াই চালে,খালি সৰু সৰু টুকুৰা কাগজ কেইটামানহে আছে পইচা কিন্তু নাই কি কৰে এতিয়া!
অলপ পৰ ৰৈ মাকৰ কাষলৈ বুলি গ'ল জোৰেৰে ভিতৰৰ পৰা মাত লগাই।
মা: মাকে উধাতু খাই আহিলে কি হ'ল পৰি?
পৰি: পৰিয়ে খহটা সুৰেৰে মাকক ক'লে টকা ১০০দিয়া
মাক: আচৰিত হ'ল!
পইচা লাগে ছোৱালীক ক'ত বা পাই মাকে। এই ফালে ঘৰত ৰান্ধিবলৈ চাউল নাই । মাকে বুজনি দিছে তাইক কিন্তু অসমৰ্থ। বুজাই কেনেকৈ।
তাই গুজৰি গুমৰি ভিতৰলৈ সোমাল।
মাকে উপাই নাপাই পইচা ধাৰলৈ বুলি আনিলে আৰু পৰিৰ হাতত দিলে।
পৰি: পৰিয়ে টকাখিনি লৈ মাকক কৈছে তহতি নপঢ়া নুশুনা মানুহ এইবোৰ বুজি নাপাওঁ বুলি কয় তাই ওলাই গ'লগৈ।
মাকে : ঘৰৰে বাৰাণ্ডাৰ এচুকত মূৰত হাত দি বহিল মাকৰ দুধাৰি বৈ আহিল এই কথাবোৰ চিন্তা কৰি। আজিকালি মাক বাপেক নপঢ়াকৈ থাকিলে ল'ৰা ছোৱালীৰ এইবোৰেই কথা।
মাকে মনে মনে ভাবিছে এইবোৰই অ যুগৰ পৰিৱৰ্তন।
যি মাক বাপেক এটা কথা জেষ্ঠজনক মুখে মুখে উত্তৰ দিব নোৱাৰিছিল ; কিন্তু আজিৰ যুগত এয়া ই পৰিৱৰ্তন।
✍ অদিতী তাঁতী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ