পুৰুষ-প্ৰিয়ংকা চৌধুৰী

বুকুত তাৰ এজাক হুমুনিয়াহ
তথাপি সি দেখুৱাব নোখোজে
কিয়নো সি যে পুৰুষ…
শৈশৱৰ প্ৰেয়সীক যৌৱনত হেৰুৱালে,
চকুৰ সম্মুখত বিদায় দিলে তাইক আনলৈ
তথাপি সি উচুপি উঠিব নোৱাৰে…
কিয়নো! সি যে পুৰুষ…
লেম'নেচন কৰা চাৰ্টিফিকেটত আজি
বেজাৰৰ মামৰে চানি ধৰিছে
তথাপি সি নেদেখুৱাই তাৰ
জ্বলি ছাই হোৱা কলিজাৰ ভাগ…
কিয়নো! সি যে পুৰুষ…
বন্ধুকেইজনো আজিকালি ভীষণ বিজি,
চাকৰি আৰু পত্নীৰ আবদাৰত বন্দী,
আড্ডা দিয়াটো দূৰৰে কথা
মাতষাৰ লগাবলৈও সিহঁতৰ আহৰি নাই,
তথাপি সি সহি যায়…
গাভৰু ভনীৰ বিয়াৰ সময়োচোন উকলি যায়,
টিনৰ চালৰ ফুটাবোৰো মাৰিব পৰা নাই,
বেমাৰী মাকজনীৰো অৱস্থা নহয় ভাল!
কি কৰিব!  সি যে নিৰুপায়।
চাকৰিৰ দৌৰত সি যে পৰি ৰ'ল পিছ,
উদং হাতেৰে কেনেকৈনো ভৰে ফীজ,
তথাপি সি নপৰে কেতিয়াও ভাগৰি…
সুৰাক কেতিয়াও নকৰে লগৰী…
জীৱন যুঁজত হ'লেই বা পৰাজয়
তথাপি সি যাব আগুৱাই…
কিয়নো! সি যে পুৰুষ … নহয় কাপুৰুষ।

✍️ প্ৰিয়ংকা চৌধুৰী
    গোলকগঞ্জ, ধুবুৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send