কবিতা-লক্ষী প্ৰসাদ ৰেগন


কবিতাৰ গৰ্ভতে কবিতা এটাক
হত্যা কৰা হ'ল
কাটি কুটি, কাটি কুটি
এতিয়া বুজিলোঁ, তৰোৱালতকৈ কলম কিমান চোকা

ভোটা তৰা হ'ব বিচৰা বহু তৰাৰে
আকাশত স্থান নাথাকে
জীৱনৰ আউল লগা ধূসৰ সময়বোৰ
পাৰ কৰিবলৈ কবিতাই শ্ৰেয়
কবিতাৰ সোপানে সোপানে বগাই চাব খুজিছোঁ
সমুখৰ পৃথিৱীৰ সিপাৰে কি আছে
কবিতাৰ ভাষাৰে বিচাৰি ফুৰিছো
যি মৰমে মৰম বুজি পায়

কবিতা লিখি মই সুখত আছোঁ বুলি নেভাবিবা
নিদ্ৰাহীন ৰাতিৰ কথা ক'বলৈ মোৰ আৰু সাহস নাই
জোনাকৰ সৈতে খেলিবলৈ
এতিয়া দুৱাৰ খিৰিকীবোৰো বন্ধ

কবিতাবোৰো ইচ্ছা নোহোৱা হ'ল
মোৰ স'তে সহবাস কৰাৰ
একমাত্ৰ বিস্বস্ত সঙ্গী কবিতাবোৰৰ চকু এতিয়া
আনৰ ওপৰত
এৰি যাব খোজা কবিতাবোৰৰ কথা ভাবিলে
মনটো সেমেকি উঠে

কাক লৈ কবিতা লিখিম
সমুখৰ প্ৰতিটো পথেই ন এন্ট্ৰী লাগি আছে
বসন্তক টানি আনিলে বৰ্ষাই বেয়া পায়
বৰ্ষাক আনিলে শৰতে
মুঠতে কবি এতিয়া কোনো কাৰণতে চিন্তা মুক্ত নহয়

এতিয়া কবিতাৰ বাবেই শব্দৰ পাহাৰ গঢ়ি
কবি শিকলি এডালেৰে
নিজকে আটি আটি বান্ধি পেলাইছে
কবিতাক বগা কাপোৰেৰে ঢাকি
দুটুপাল চকুৰ পানীৰে বিদায় দিয়াৰ কথা
মই কেতিয়াও ভাবিব নোৱাৰোঁ
মোৰ পৰা আঁঁতৰি থকা
কবিতাৰ দুৱাৰত টুকুৰ মাৰি আজীৱন কবিতাৰ প্ৰেমিক হোৱাৰ
সপোনহে অনৱৰতে দেখোঁ ।

🖋️লক্ষী প্ৰসাদ ৰেগন



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send