নদীখন বৈ যায়,
পাহাৰীয়া জুৰিটি সাৱটি নদীখন বৈ যায়
সাগৰলৈ বুলি;
ভৰ বাৰিষা ফেনে ফোটোকাৰে বাঢ়ি অহা নদীখনে দুপাৰৰ
বিস্তীৰ্ণ এলেকাত ত্ৰাসৰ সৃষ্টি কৰিলেও
উৰ্বৰা কৰে সেউজীয়া ভূমি।
নদীয়ে গঢ়ে জীৱনৰ ৰূপৰেখা;
চিনাকি ঘাটেদি বণিজ বেহাবলৈ যায় সদাগৰ,
মৎস্যজীৱীয়ে সপোন কঢ়িয়াই ফুৰে।
নদীখন বৈ যায় আশাবোৰ বুকুত বান্ধি
সাক্ষী হৈ অনেক ঘটনা-পৰিঘটনাৰ।
নদীৰ পাৰত বহুদিন বহিছোঁ,
সোঁৱৰিছো জীৱন পৰিক্ৰমা!
কেতিয়াবা উচুপি কান্দিছোঁ,
কেতিয়াবা হাঁহিৰ
ফুল বুটলিছোঁ।
সূৰ্যোদয়ৰ পোহৰ প্ৰত্যাশী নদীৰ পানীত হেঙুলীয়া বেলিৰ ৰহণ দেখিছোঁ
আৰু কেতিয়াবা ৰূপোৱলী বালিচৰত
উষ্ণ দুপৰত শীৰ্ণ নদীখনৰ বুকুৰ বেদনাই
মোৰো দহিছে হৃদয়!
তথাপিও মাতৃ স্বৰূপা এই নদীখন মোৰ বৰ প্ৰিয়,
যি বৈ যায়
আপোন পাহৰা হৈ!!
✍️ৰীতামণি বৰদলৈ।
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ