সমাজত নাৰীৰ স্থান অনবদ্য~প্ৰবন্ধ-চিন্ময় ডেকা

©Admin
0
সমগ্ৰ বিশ্বৰ প্রায় সকলো ঠাইতে ৮ মাৰ্চৰ দিনটোত 'নাৰী দিৱস' হিচাপে পালন কৰা হয়।১০০ শতাংশৰ ভিতৰত প্ৰায় ৬০ শতাংশ ৰাজ্যই সকলো দিশতে পুৰুষৰ ওপৰত নিৰ্ভৰশীল। তথাপি মানৱ জাতিৰ সৃষ্টিৰ প্ৰধানতঃ হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্ত, তথা সাৰ-শূন্যহীন। কিন্তু পৰিতাপৰ বিষয় এয়ে যে,কোনো এখন ৰাজ্যত পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ ক্ষেত্রত প্ৰতিগৰাকী নাৰীয়ে সমাজত শাৰীৰিক, মানসিকভাৱে বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয়। সেইবাবেই আমি নিজকে আধুনিকতাৰ পৃথিৱীত জন্ম লাভ কৰিওঁ সু-সভ্য জাতি বুলি পৰিগণিত হ’ব পৰা নাই। এগৰাকী নাৰীৰ জীৱনটো সৰ্বতোপ্ৰকাৰে আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অনস্বীকাৰ্য। নাৰী মমতা তথা কৰুণাময়ী। আদৰ্শ, দয়া-মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি অসংখ্য গুণৰে অধিকাৰী। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। আজিৰ নাৰী উচ্চ পদবীধাৰী আৰু উচ্চ শিক্ষিত হৈ আত্ম-নিৰ্ভৰশীল হৈ পৰিছে। এনে এটা প্ৰসংগত নাৰীয়েই নাৰীৰ শত্ৰু। আমি নাৰীসকলে সভাই-সমিতিয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ভাষণ দিওঁ। কিন্তু নিজৰৰ ঘৰৰ বন কৰা ছোৱালীজনী বা বোৱাৰীগৰাকীৰ ওপৰত শোষণ চলাওঁ। আমি প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰত্যেক নাৰীৰ হৃদয়ৰ অবুজ বেদনা বুজিবলৈ চেষ্টা কৰিব পাৰিব লাগিব। আমাৰ মনৰ পৰা নীচ মনোবৃত্তিক মচি পেলাব পাৰিলেহে এখন সুস্থ সমাজ গঢ়িব পৰা যাব। সকলো নাৰী একগোট হৈ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। এটা কথা সদায় মনত ৰখা প্ৰয়োজন যে পুৰুষবিহীন হৈ কোনো নাৰীয়ে এই কামত সফলতা লাভ কৰিব নোৱাৰে। আজিকালি চহৰ-গাঁৱৰ মহিলাসকল বহু আগবাঢ়ি গৈছে। তেওঁলোকে নিজক নিজে চিনিব পাৰিছে। বৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সংবিধানত সমঅধিকাৰ দিয়া হৈছে। তথাপি নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোভাৱ পুৰুষ সমাজৰ পৰা আঁতৰ হোৱা নাই। নাৰীসকল আগবাঢ়ি গৈছে যদিও ৰখীয়া এজন নহ’লে চলা-ফুৰা কৰাটো এটা সপোনৰ দৰেই হৈ আছে। আমাৰ দেশত পৰ্যাপ্ত পৰিমাণে সুবিধা থকা সত্ত্বেও নাৰীসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে।আজিৰ প্ৰেক্ষাপতত নিজৰ নামটো লিখিব নজনা মহিলা আমাৰ সমাজত অজস্র এতিয়াও আছে। এমুঠি নাৰী শিক্ষিত আৰু সুৰক্ষিত হ’লেই নাৰী মুক্তি বুলি ক’ব নোৱাৰি। 
                      প্ৰতিজন পুৰুষৰ উন্নতিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়। নাৰী এগৰাকীৰ অনুপ্ৰেৰণাই পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব পাৰে। যিগৰাকী নাৰীয়েই নিজৰ দুখ-যন্ত্ৰণা পাহৰিও স্বাৰ্থহীনভাৱে আনৰ বাবে সকলো কৰি যাব পাৰে তেৱেঁই প্ৰকৃত নাৰীৰ স্থান পাব পাৰে। প্ৰতিগৰাকী নাৰীয়েই সকলোৰে মাতৃ, যাৰ তুলনা অপৰিসীম। এগৰাকী নাৰী ধ্বংসৰ গ্ৰাসত অগ্ৰসৰ নহয়, অৰ্থাৎ সৃষ্টিৰহে বীজ ৰোপণ কৰিব পৰা ক্ষমতা থাকে।আনহাতে, যিসকল নাৰী নিৰ্যাতিতা, লাঞ্ছিতা আৰু অৱহেলিতা হৈ আছে তেওঁলোকৰ উত্তৰণৰ বাবে নাৰীসকল আগবাঢ়ি আহিব লাগিব। কাগজে-কলমে লিখা প্ৰচাৰ কৰিলে নহ'ব ইয়াক সাৰ্থকতাৰে হাতে-কামে কৰিলেহে বাস্তৱত সফলতা প্ৰাপ্তি উত্তৰণ ঘটিব।

✍️চিন্ময় ডেকা
টংলা 




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)