গৰ্বৰে কওঁ আহক দুখ আমাৰ জীৱনৰ সহযাত্ৰী~অনুভৱ-মানস প্ৰতীম মালী

জীৱনত দুখ থাকে। সুখ আৰু দুখ মুদ্ৰা এটাৰ ইপিঠি আৰু সিপিঠি।সুখে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে আৰু দুখে মানুহক বলিয়া কৰি পেলায়।জীৱনত যিমানেই ডাঙৰ সমস্যা নাথাকক কিয় আমি কোনোদিনে ভাগি পৰিব নালাগে, মনত সাহস গোটাই নিজকে প্ৰস্তুত কৰি সমস্যাৰ লগত যুজঁ দিব লাগে। যিজন মানুহৰ জীৱনত দুখ থাকে, সেইজন মানুহ কোনোদিনে শান্তিৰে থাকিব নোৱাৰে,কিন্তু শান্তিৰে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে।দুখবোৰ পাহৰিব চেষ্টা কৰিব লাগে,আৰু সুখৰ সন্ধান কৰিব লাগে।দুখ হোৱা বুলি আমি বহি থাকিলে আমাৰ মনৰপৰা দুখ নাইকিয়া হৈ নাযায়,বৰং দুখে আমাৰ মনত বেছিকৈ থিতাপি ল'ব, কিন্তু যদি হাজাৰ দুখতো আমি সকলো পাহৰি সুখেৰে থাকোঁ, তেতিয়া দুখ আমাৰ মনৰপৰা আতৰি যাব। প্ৰতিটো সমস্যাৰ সমাধান থাকে , মাথোঁ হতাশ হব নালাগে,হতাশাই কেতিয়াও সমস্যাৰ সমাধান নকৰে। 
সকলোৰে জীৱনত দুখ থাকে,আমাৰ জীৱনত দুখ আমাৰ সহযাত্ৰী।এই দুখবোৰেই আমাৰ সৈতে একেলগে জীৱন পথৰ সহযাত্ৰী হয়। ধনী হ'লেই মানুহ এজন সুখী নহ'বও পাৰে। হয়তো দুখীয়া মানুহ এজনো বহুত সুখী হ'ব পাৰে।তেওঁ হয়তো সৰু /বৰ সমস্যাবোৰৰ মাজতে সুখৰ সন্ধান কৰে । তেওঁ হয়তো ডাঙৰ ডাঙৰ দুখবোৰক আওকাণ কৰি সৰু সৰু সুখবোৰকে আঁকোৱালি লয় । তেওঁ নিজকেই নিজে ইমান বেছি ভালপায় যে,তেওঁ নিজক কেতিয়াও দুখী দেখিব নোৱাৰি সদায় সুখী হৈ থাকে । সুখী হ'বলৈ মানুহক টকা পইচা নালাগে । মাত্ৰ জীৱনত ডাঙৰ দুখ হ'লেও সকলো দুখ পাহৰি সুখৰ সন্ধান কৰিব লাগে । সকলোৰে জীৱনত সমস্যা থাকে , সেইবুলি এইটো নহয় যে প্ৰত্যেকটো বেয়া সমস্যাৰ সমাধান আত্মহত্যা হব । আত্মহত্যা কোনোদিনে সমস্যাৰ সমাধান হ'ব নোৱাৰে । জীৱনটো নিজৰ , গতিকে নিজৰ জীৱনটোত উপভোগ কৰিব লাগে । নিজে নিজৰ ওপৰত বিশ্বাস ৰাখি পৰিশ্ৰম কৰি সমস্যাৰ সমাধান কৰি যাব লাগে । নিজৰ জীৱনটোৰ নিজেই যুজাৰু , নিজেই নিজৰ জীৱনত অহা সমস্যাৰ লগত যুজঁ দি যাব লাগিব । খেল এখনত দুটা পক্ষৰ মাজৰ যিকোনো এটা পক্ষহে জিকিব বুলি জানিও দুয়োটা পক্ষই মাথোঁ জিকিম বুলিয়েই খেলখন খেলে ‌ । ঠিক তেনেকৈ আমাৰ জীৱনৰ সমস্যাবোৰৰ লগতো আমি যুজঁ দিব লাগে , হয় আমি সেই যুজঁত জয়ী হ'ম নাইবা সমস্যাটো জয়ী হ'ব।


✍️ মানস প্ৰতীম মালী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send