ফাগুনে সানিবনে আকৌ ৰং-কানন বৰুৱা

©Admin
0
তুমি ফাগুন এদিন ৰং সানি গুচি গ'লা
ৰৈ গ'ল মাথোঁ এটি স্মৃতি বকুল তলত
হৃদয় দুৱাৰ খুলি আত্মাৰ সতে বিলীন হ'বলৈ...
কত ৰঙীন স্বপ্নৰে ভৰা এটি মন লৈ...
নিশান্ত হ'লেই বাটচাঁও ,খুলি দিওঁ মনৰ খিৰিকী দূৰণিলৈ চাই ৰওঁ ক্ষীণ এটি আশা লৈ
আশাৰ চাকি কিমান জ্বলাম আৰু
পোহৰ বিচাৰি বিচাৰি...
ফাগুন অহাৰ খবৰে সদায় দোলা দিয়েহি 
এদিন ভৰাবানে বাৰু মোৰ মন কৰণি
কিন্তু কিয় জানো? ভাবি পোৱা নাই
শুভদিনে মোক আজিও চোন টুকুৰিওৱা নাই
মনতো চোন সনা নাই সোনোৱালী বোল
মন দাপোনতো অঁকা নাই এখনি ৰঙীন ছবি।
ৰৈ আছোঁ অপেক্ষাৰত হৈ তোমাৰ স্মৃতিক সাৱটি।
           
✍️কানন বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)