মৰমহীন ভালপোৱা,
তুমিবিহীন সপোনৰ
পোহৰহীন বাস্তৱতা।
সপোনৰ ঘৰখনৰ এচুকত
বহি তোমাৰ বাবে লিখিছো
এটি শব্দহীন কবিতা।
কবিতাৰ শিৰোনাম
"মৰমৰ অমানিশা"
প্ৰেমৰ বাৰিষাজাকত মন যায়
তোমাৰ সতে এবাৰ তিতিবলৈ,
হাতে হাত ধৰি চিলা হৈ,
উৰি যাব মন যায় আকাশৰ বুকুলৈ,
মন যায় মোৰো,তোমাৰ আৱেগিক
চকুজুৰিত এডুব মাৰিবলৈ।
কিন্তু, কিন্তু তুমিবিহীন সপোনৰ
নাই আজি বাস্তৱিকতা,
আছে মাথোঁ এখন
মৌনতাৰে ভৰা হৃদয়
য'ত নামি আহে সদায়
মৰমৰ অমানিশা।
✍️নৱজ্যোতি ভৰালী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ