মোহভংগ~অণুগল্প-অৰুণিমা ভট্টাচাৰ্য্য

:একেথৰে কি চাই আছ?
কথাষাৰ শুনিও নুশুনা হৈ থকা মৌমিতাই নেদেখা হোৱালৈ গাড়ীখন চাই ৰ'ল।

  : এইজন মানুহৰে প্ৰেমত পৰিছিলোঁ জানো ? মনতে ভাবিলে তাই।
  অসম্ভৱ যেন লাগিলেও সঁচা। মানুহজনে ঘৰৰ মানুহখিনিৰ সন্মান ৰক্ষাৰ নামত দিয়া দাবীবোৰ...!

  দেউতাকৰ শুকান মুখখনলৈ চাই তাই ক'লে, 
  : মই ইমান সোনকালে বিয়াত নবহো বুলি খবৰ এটা পঠিয়াই দিয়া।
                                  
✍ অৰুণিমা ভট্টাচাৰ্য্য।
  বৰপেটাৰোড, বৰপেটা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send