আধুনিক যুগৰ পথিক মই-চিন্ময় ডেকা

©Admin
0
আধুনিকতাৰ গ্ৰাসত
মই যেন, নতুন পুৰুষ 
ৱাহ! ৱাহ!
সভ্যতা-সংস্কৃতিয়ে
ছানি ধৰিছে নতুনত্বক
কিন্তু, এইবোৰ কিমান দিনলৈ ?

নিজৰ সংস্কৃতিক জলাঞ্জলি দি
আধুনিকতাৰ পোছাক পিন্ধি
সভ্য সমাজৰ ভদ্ৰলোক এজন মই।
কি,ক'বা!__
নাই কোনো মোৰ স্থিৰতা,
জীৱন-জীয়াৰ সপোনৰ সাৰ্থকতা 
কেৱল মাতাল মই এই আধুনিকতাৰ পৃথিৱীত।

কোনো কাৰোৰ বাবে নাই
নিজস্বতাক চিনি পাই মাথোঁন সকলোৱে
আধুনিকতাৰ গ্ৰাসত 
নিজকেই নিজক বিক্ৰী কৰি দিছো।
আধুনিক হ’বলৈ গৈ?

হায়!_ হায়!
জন্মদাতৃ মাতৃয়ে হৈছে, 
ৰাতিৰ অন্ধকাৰ পৰিবৱেশত ছলনাsময়ী প্ৰেমিক।

জলাঞ্জলি দিছো পূৰ্ব-পুৰুষৰ সকলো নীতি-নিয়ম
নিবিচাৰো মই নগ্ন বুকুৰ মৰম
বিচাৰো মাথোঁন কেৱল
মই শব্দৰ মায়াজাল।

নহওঁ মই পার্কৰ এন্ধাৰ চুকৰ
সেই পাগল প্ৰেমিক,
নকৰোঁ কেতিয়াওঁ সেই নাস্তিক কৰ্মৰাজি
মাথোঁ আধুনিকতাৰ পৃথিৱীত
মই যে এজন নতুন পথিক।

✍️চিন্ময় ডেকা
টংলা,ওডালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)