নীলা খামৰ চিঠি-পৰেশ দাস

মৰমৰ মাইনী ,
                   আজি আকৌ হাতত তুলি লৈছোঁ কলম। মাইনী কি ভাবিছিলো জানা- তুমি এমুঠি তিৰবিৰ জোনাক মোৰ জীৱন বাটৰ অন্ধকাৰ খলা-বমা যাত্ৰাপথৰ...কিন্তু কেতিয়াবা এনে ভাব আহি যায় মই তোমাৰ বাবে সদায়ে জঞ্জাল। সেয়ে তোমালৈ একলম নিলিখি নোৱাৰিলোঁ। কিয় জানো আজি আনদিনাতকৈ বৰকৈ বুকুখন বিষাইছে। দীৰ্ঘদিন বৈ থকা নদীখনৰ মাজেদি বালিৰ দম এটা বৈ গৈছে। পানীৰ ৰং খিনি সেয়ে সলনি হৈ পৰিছে। জীৱনত কোনেও কাৰো অভাৱ পূৰণ নকৰে। মই এই কথা বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ। কাৰোবাৰ উপস্থিতিয়ে আন কাৰোবাৰ অভাৱ গুচাব পৰা হ'লে মানুহ পৃথিৱী সবাতোকৈ সুখী জীৱ হ'লহেঁতেন। কিন্তু নোৱাৰে...
    
 পৰা হ'লে...
    সুখেৰে ভৰাই দিলোঁহেঁতেন 
তোমাৰ হৃদয়ৰ চৌপাশ ...
আঁতৰাই দিলোঁহেঁতেন মোৰ ইচ্ছাৰে তোমাৰ সমস্ত অভাৱ...

কিন্তু কি কৰিবা অতীতটো বৰ্তমানৰ ৰণক্ষেত্ৰ হ'লে মানুহে ভাৰসাম্যতা হেৰুৱায় । তথাপিও জনম জনমলৈ তোমালৈ মোৰ শুভকামনা...
    অধমে ইয়াতকৈ আৰু ভালকৈ বুজাব নাজানো...প্ৰয়োজন শেষ হ'লে মানুহ হিংসুক হয়। মানুহ মানুহৰ বাবে আৱৰ্জনা হৈ পৰে। ঠিক আজি শাওণৰ এই নিশাটোত সেই অনুভৱে চুই গৈছে মোৰ ব্যক্তিত্বত। সময়ৰ গতিত আটাইতকৈ প্ৰয়োজনাধিক মানুহজন আটাইতকৈ গুৰুত্বহীন হৈ পৰিছোঁ। কি জানা- নিজৰ জীৱনটোৰ বাহিৰে আন এটা জীৱনক বৰ আপোন কৰিবলৈ যোৱাটোৱে মানুহৰ ডাঙৰ ভুল। বুজিছানে কিবা ? হেৰাই যাব খোজাৰ পৰা পোহৰলৈ ওলাই আহিব বিচৰাৰ প্ৰথমটো খোজতে মই বাৰুকৈয়ে উজুটি খালোঁ। জানিছিলোঁ এই পথ মোৰ চিৰস্থায়ী নাছিল । অলসতা আঁতৰোৱাৰ এক প্ৰচেষ্টা, হয়তো আকাংক্ষাৰ অতৃপ্তিৰ জুলুঙা ভৰোৱাৰ এক আচিলা...
   উজুটি খালোঁ। হয়তো ধৰিব নাজানিলোঁ খামুচি তোমাৰ দুহাত ; সেয়ে হেৰুৱালোঁ ছন্দ! কি যে এক বিড়ম্বনা...! কল্পনাৰ দৌৰ আৰু বাস্তৱৰ বৈপৰীত্য কি যে বিষময় যন্ত্ৰণা..!

   দোষ মোৰ, মই জানোঁ। জানো বাবেই তোমাক সুখী কৰাৰ সপোনৰ পাছত দৌৰি আন্ধাৰৰ ফালে গতি কৰাৰ সপোন দেখিছোঁ। তোমাক অবাটে নিয়াৰ মোৰ এই স্বাৰ্থপৰতা শাস্তিৰ প্ৰাপ্তি হ'বই লাগিব ; সেয়াও জানো মই..তথাপিও বাৰে বাৰে ভুল কৰোঁ...ভুল মোৰ আজন্ম সংগী ! আজি আৰু নিলিখোঁ।
 শেষত তোমাৰ শুভকামনাৰে...
      ' অনুৰাজ'

✍️পৰেশ দাস
ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send