আধৰুৱা প্ৰেম¶নৱজ্যোতি ভৰালী

Rinku Rajowar
0
অভিমানৰ টোপোলাটিত বৈ আহে নিজৰাটি
অশ্ৰুভৰা দুচকুৱে আনে মৰম বুটলি, 
আধৰুৱা জীৱন মোৰ তুমি অবিহনে 
আহানা মৰম মোক লোৱা আকোৱালি |
ভবা নাছিলো
তুমি মোৰ হ'বা প্ৰেয়সী, 
দুদিনৰ বাবে সুখী হৈ 
মৰমেও কান্দে হিয়া উজাৰি |
প্ৰেমৰ ভাষাৰে বুজাব নোৱাৰি 
মৰমৰ অনুভূতি, 
অশ্ৰুভৰা আৱেগ 
আজি মোৰ জোনাকী ৰাতি |
বেদনাক ঢাকি ৰাখি
দুটি ওঁঠত ৰাখো হাঁহি, 
তুমি ভাবিছা চাগে 
জীৱনবাণী মোৰ সুখময়ী |
আধৰুৱা প্ৰেমৰ কবিতাই আজি
তোমাৰ কথাকেই কয়, 
নোৱাৰাে তোমাক পাহৰিব বুলি
মোৰ মৰমেও কয় |
নোৱাৰো লিখিব তোমাৰ নামত
প্ৰেমৰ কবিতা, 
কলমেও কয় আজি মোৰ 
জীৱন ভাগৰুৱা |

              🖋️ নৱজ্যোতি ভৰালী
                   চামতা, নলবাৰী
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)