প্রকৃতি মোৰ বৰ প্ৰিয়-ধৃতাশ্রী বৰ্মন

©Admin
0
প্রকৃতি মোৰ বৰ প্ৰিয়!!
  কিয় জানা? 
       প্রকৃতিয়ে মোক দিয়ে 
       জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ। 

প্রকৃতি মোৰ বৰ প্ৰিয় ও!!
  কিয় জানানে? নাজানা ন। 
    মই কওঁ শুনা; 
প্রকৃতিৰ মাজত মই পাওঁ 
 মোৰ শৈশৱৰ স্মৃতি; 
 মোৰ জীৱনৰ অলেখ আনন্দ।

সচাঁকৈ প্রকৃতি মোৰ বৰ প্ৰিয়!! 
 কিয় জানা?
   প্রকৃতিৰ মাটিৰ গোন্ধত মই মোৰ দেউতাক বিচাৰি পাওঁ!! 
 সৌৱা চোৱা; 
   বাৰিষাৰ পথাৰত মূৰত জাপি লৈ আছে;
      সেয়া মোৰ দেউতা!!
সেউজীয়াবোৰে সাৱতি ধৰিছে;
আকাশৰ নীলাবোৰেও চুন 
তোমাক চাই হাঁহি আছে দেউতা;

সেইবাবে;
প্রকৃতি মোৰ প্রিয়!
সেউজীয়াবোৰ মই ভাল পাওঁ! 
 আৰু আকাশখন মোৰ আপোন!
         
✍ধৃতাশ্রী বৰ্মন
নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)