তুমি-নৱজ্যোতি ভৰালী

©Admin
0
বাস্তৱিক জীৱনৰ প্ৰতিটো পল,
এই যে তোমাৰ সৈতে
পাৰ কৰাৰ সপোন দেখিছিলো, 
মনত আছেনে তোমাৰ ?
মনত আছেনে তোমাৰ! 
তোমাৰ বাবে যে প্ৰেমৰ 
কবিতা ৰচিছিলো, 
সপোনৰ এখন ঘৰ সাজিছিলো |

কি পালো কোৱা !
এতিয়া চাগৈ তোমাৰ
মনতো নাই , 
প্ৰেমৰ শলিতা ডাল নুমাই গ'ল যে |
তুমি এতিয়া আনৰ পত্নী, 
তুমি এতিয়া তেওঁৰ সপোনৰ অধিকাৰী, 
তথাপিও মোৰ হৃদয়ত
সদায় থাকিবা তুমি ,
তোমাৰ প্ৰতি থকা 
মোৰ ভালপোৱাৰ শ্ৰদ্ধা হৈ স্নেহ হৈ |
আশা কৰো কুশলে থাকিবা তুমি ||

 ✍️নৱজ্যোতি ভৰালী
 চামতা, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)