বিশ্ব গ্ৰাহক দিৱসৰ প্ৰতি পৰ্যালোচনা~প্ৰবন্ধ-চিন্ময় ডেকা

©Admin
0
১৯৮৫ চনত ৰাষ্ট্ৰসংঘই গ্রাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নির্দেশনা নির্ণয় কৰি দিছিল। ইয়াৰ অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্রহী আৰু সচেতন হোৱা উচিত। ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে । সমগ্র বিশ্বত গ্রাহকৰ অধিকাৰৰ বিষয়টোৱে বর্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰেই ভিত্তিত ১৫ মার্চ তাৰিখটো বিশ্বজুৰি "গ্রাহক অধিকাৰ দিৱস" হিচাপে পালন কৰা হয়।
          ১৯৮৫ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ নীতি-নির্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্রাহক সুৰক্ষা আইন গৃহীত কৰিছে। এই আইনৰ অধীনত গ্রাহকৰ স্বাৰ্থত তিনিটা পর্যায়ত গ্রাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । সেইবোৰ হ’ল-
(ক) জিলা পর্যায়ত- জিলা গ্রাহক সুৰক্ষা সংস্থা।
(খ) ৰাজ্যিক পর্যায়ত - ৰাজ্যিক গ্রাহক সুৰক্ষা সংস্থা।
(গ) ৰাষ্ট্ৰীয় পৰ্যায়ত- ৰাষ্ট্ৰীয় গ্রাহক সুৰক্ষা সংস্থা।
          এই সংস্থাসমূহে গ্ৰাহকৰ অভাৱ-অভিযোগ পূৰণ, ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে। অকল ভাৰতেই নহয় সম্প্রতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্রাহকৰ সুৰক্ষাৰ বাবে আইন প্রণয়ন কৰিছে ।

◼️গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা
ক) গ্ৰাহক সজাগ আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হ’ব পাৰে ǀ
খ) বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্হ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে ǀ  

◼️ গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ
  এজন গ্ৰাহকে বিভিন্ন ক্ষেত্রত বিক্ৰেতাৰ দ্বাৰা শোষিত হব পাৰে ǀ উদাহৰণস্বৰূপে-
ক) বস্তুৰ ওজন সঠিকভাৱে নকৰা, ভেজাল বস্তু বিক্ৰী কৰা ǀ
খ) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা ।
গ) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ǀ
ঘ) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।
ঙ) প্রকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, লগতে মানসূচক চিহ্নসমূহ নকল কৰা ।

◼️গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ নিত্য কৰ্তব্য ǀ কিয়নো গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ ওপৰত সাৱধানতা অৱলম্বন কৰা একান্তই প্ৰয়োজন কিয়নো-
ক) বস্তুৰ ওজন বা জোখ লওঁতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।
খ) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হোৱাটো অতিকৈ প্ৰয়োজন এজন গ্ৰাহক হিচাপে।
 গ)বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।
ঘ) পেকেটযুক্ত সামগ্রী কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ- উকলি যোৱা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা।

◼️ গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্হাও গ্ৰহণ কৰিছে সেইবোৰৰ ভিতৰত-
ক) গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান
খ)গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন
গ)গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম গঠন ইত্যাদি ǀ

◼️ গ্ৰাহক সজাগতা:
 গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদা- সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য ǀ গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে ǀ সেই বিষয়বোৰ হ’ল-
1) বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে ।
2) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।
3) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
4) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।
5) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেণ্টি বা বাৰেন্টি কার্ড বিচৰা।
6) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

◼️ গ্ৰাহকক বিক্ৰেতাৰ প্ৰতাৰণা
 গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে ǀ আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব ǀ এজন গ্ৰাহকে বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হব পাৰে ǀ উদাহৰণস্বৰূপে-
ক) বস্তুৰ ওজন সঠিকভাৱে নকৰা।
খ) ভেজাল বস্তু বিক্ৰী কৰা ,বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা ।
গ) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ǀ
ঘ) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।
ঙ) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা, লগতে মানসূচক চিহ্নসমূহ নকল কৰাৰ ক্ষেত্রত ।
চ) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।
ছ) ডাকসেৱা,টেলিফোন বা ইন্টাৰনেটযোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায়-নিদিয়া ǀ

◼️গ্ৰাহক আদালত
 গ্রাহকৰ বিবাদ নিষ্পত্তিকৰনৰ বাবে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম' গঠন কৰা হয় ǀইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে । এনে ফ’ৰামসমূহ তিনিটা পৰ্যায়ত গঠিত হয় । ক্ৰমে--
(ক) জিলা ভিত্তিত- জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(খ) ৰাজ্যিক ভিত্তিত-ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(গ) ৰাষ্ট্ৰীয় ভিত্তিত-ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।

        নতুন প্ৰযুক্তিৰ অাৱিৰ্ভাৱ হোৱা সত্ত্বেও আমি গ্ৰাহক হিচাপে নিজক পৰিচয় প্রদান কৰিলৈ অসমৰ্থতা হোৱা পৰিলক্ষিত হৈছে। সেয়ে প্ৰত্যেকটো ক্ষনতে সজাগ হওঁক।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)