প্ৰেমিকাৰ চিঠি-পূৰ্ণেশ্বৰী বৰুৱা

Rinku Rajowar
0
ফাগুন
          ককাইদেউ
জয় জয়তে মোৰ হিয়া ভৰা মৰম স্নেহবোৰ আজলি ভৰাই ল'বা বুলি আশাৰে অপেক্ষা কৰিলোঁ। তোমাৰ ভাল বুলি গমেই পাওঁ। মোৰ ভাল। তুমি আহিছা বুলি জানিব পাৰি মনটো যে মোৰ কিমান---ভাল লাগিছে, তাক বুজাবলৈ তাৰ শব্দ, ভাষা একোৱেই বিচাৰি নেপাওঁ দেখোন। কথা এটাতহে কিবা বেয়া লগা লাজ লাজ অনুভৱে মনটোক আমনি কৰি থাকিবলৈ লৈছে।কি---জানা? তুমি যে প্ৰেম মতলীয়া সেয়া এতিয়া সকলোৰে মুখে মুখে। মই হ'লে তোমাক সেইদৰে ভাবিব নোৱাৰোঁ দেই। আচল কথাটো তুমি চাগে ধৰিব পাৰিছাই। মানে লেখক লেখিকা সকলৰ মাজত এই চৰ্চা প্ৰায়ে কৰা দেখা যায়। বিশেষকৈ কবি সকলৰ মাজত। কিমান ---দেখিবা, কিমান দেখিবা তাৰ শেষ যেন নাইহে।যেনে প্ৰেম মতলীয়া, প্ৰেম বলিয়া, প্ৰেম পাগল, প্ৰেম উতনুৱা আদি বিশেষণেৰে বিভূষিত অনেক শব্দৰ প্ৰয়োভৰেৰে।
     সাধাৰণ দৃষ্টিৰে যদি চোৱা যায়, তেতিয়া মনটো মোৰ বেয়া লাগিবলৈ ধৰে। আচলতে সেয়া নহয়। তুমি  সেই সকলৰ লিখনৰ পাতে পাতে শব্দ শৈলীৰ ব্যঞ্জনাৰ উৎস হৈ বৈ অহা সুন্দৰ সুন্দৰ সমলেৰে কিমানৰ---যে অনুভৱৰ ভাব ধাৰণাক সজাই পৰাই উপস্থাপন কৰাবলৈ সহায়ৰ হাত আগবঢ়ায় যি উপকাৰ সাধন কৰি আহিছা সেয়াওটো কম উপকাৰ নহয়!সচাঁকৈ তোমাৰ সেই কথাত আপ্লুত হৈ পৰিছোঁ জানা। মনত ৰাখিবা প্ৰেমিকৰ কৃতিত্বত প্ৰেমিকা কিন্তু---গৌৰৱ অনুভৱৰ দোলাত উঠি দুলি থাকিবলৈ ভাল পায় দেই।ই স্বাভাৱিক কথা। মোৰো সেই একেই অৱস্থা জানা।
      আনহাতে ফাগুন ককাইদেউ, তোমাৰ পছোৱাই ধূসৰিত কৰা ধূলিৰ আলিঙ্গনত আউলী বাউলী হৈ পৰা ধৰিত্ৰীৰ বুকুত সূবাসিত, সুস্বাদিত ফুল, ফলৰ সম্ভাৰকে আৰম্ভ কৰি প্ৰকৃতিৰ ৰূপৰ ভাৰসাম্য তথা সৌন্দৰ্যৰ হানি বিঘিনি নোহোৱাকৈ সঠিক ভাৱে ইয়াক ৰাখিবলৈকে তোমাৰ এয়া আগমন হয় মধূচন্দ্ৰিকা সময় কটোৱাৰ বাবে। বহুত ভাল লাগিছে, তুমি যে আহি পালাহি। এই আগমনক প্ৰেমিকা হৈ স্বাগতম জনাইছোঁ। সফলতাৰে পাৰ হয় যেন এই মধুময় সময় খিনি। তাৰ আশিষ কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা নজনোৱাকৈ থকা নাই দেই।
    ফাগুন ককাইদেউ এইবাৰ যাব পাৰিম। মই সাজু।পিন্ধিম মুখত মূখা, দূৰত্বৰ ৰাখিব লগীয়া ব্যৱধান ৰাখি লগ হ'ম তোমাৰ কাষত। যোৱাবাৰ তোমাক লগ কৰাৰ দূৰৈৰ কথা, আনকি তোমাক দেখাই নাপালোঁ। সমগ্ৰ বিশ্বজুৰি যোৱাবাৰ, মানে ২০২০ বৰ্ষটোৱে মহামাৰী, মহাতঙ্ক, মাৰাত্মক ভাইৰাছ ক'ভিদ-১৯ বা কৰ'নাৰ দ্বাৰা কৌটি কৌটি লোক সংক্ৰমিত হৈ তাৰ মাজৰে পৰা কৌটিধিক লোকে শোকাবহ মৃত্যুক কৰুণভাবে সাবতি ল'ব লগা হ'ল। কিছু কমিছে যদিও ইয়াৰ সংক্ৰমণ এতিয়ালৈকে অব্যাহত আছে। এই কথা আৰু ভাবিব নোৱাৰি দেই। তুমি সকলোখিনি জানা যেতিয়া, তাক আৰু কৈ মনটোক বেয়া লগাই লোৱাৰ ইচ্ছা নাই দিয়া। মুখা পিন্ধা, দূৰত্ব বজাই ৰখা, হাত ধোৱা এই নীতি নিৰ্দেশনাক মানি ভাইৰাছ ক'ভিদ-১৯ ৰ সংক্ৰমণৰ পৰা আমি আটায়ে সুৰক্ষিত হৈ থাকোঁ আৰু এই সংক্ৰমণ সম্পূৰ্ণ ৰূপে নিৰ্মূল নোহোৱা দিনলৈকে এই নিয়ম মানি চলি থাকিম। তেতিয়াহে সুৰক্ষিত হৈ ৰ'ম আমি। চেষ্টা কৰিছিলোঁ, তেতিয়া দুৱাৰ, খিৰিকী, বেৰৰ জলঙাৰ ফাঁকেৰে ভিতৰৰ পৰাই। দৃষ্টি নিক্ষেপ কৰিব পৰালৈকে চাইছিলোঁ তোমাক। মোৰ হৃদয় খনিক ৰঙীণ কৰি তুলিবলৈ লৈ অনা শিমলু, পলাশ, মদাৰৰ তেজ ৰঙচুৱা থোপা থূপি‌ ফুলৰ উপহাৰ খিনিক। নাই, দেখাই নাপালোঁ।অহা বাটেৰে তুমি ছটিয়াই অহা ধূলিয়ে যেন কুঁৱলীৰ দৰে সেই দুৱাৰ, খিৰিকীৰ ফাঁকেৰে সৰকি আহি মোক হাত বুলাইছিলা মুখৰ মুখাখনিত।হাততো বুলাইছিলা তোমাৰ হাত। হাত দুখনক কিন্তু মই চাবোন পানীৰে ধুই পেলাইছিলোঁ বাৰে বাৰে। ভাবিলে দুখ লাগি যায় জানা। তেনে ক্ষেত্ৰত এইবাৰ লগ কৰিব পৰা কথাই মোক কিয় ভাল নলগাব বাৰু! ক'ম মনৰ ক'বলগীয়া সকলো কথা মন খুলি। লৈ যাম তোমালৈ মৰমেৰে এখনি মুখা, এখনি বিহুৱান গামোচা। তাৰ পিছে পিছে আহি আছে ৰঙালী বিহু। তুমি আৰু মই লগ হৈ এখনি মুখাৰ সৈতে চেনেহৰ বাপতি সাহোন বিহুৱান গামোচা দি আদৰিম ঋতুৰাজ বসন্তক। তুমি জুৰিবা বিহুগীত, তাৰ তালে তালে, দূৰে দূৰে থাকি নাচিম কঁকাল ভাঙি তোমাৰ কাষে কাষে। ভাল লাগিব দেই। নতুন মুখা এখনি, মূগাৰ ৰিহা মেখেলা, গাম খাৰুকে ধৰি বিহু নাচনীৰ সকলো খিনিকে যোগাৰ কৰি ৰাখিছোঁ। পিছে বহুতেই লিখি পেলালোঁ। আমনি যেন নোপোৱা। লগ সোনকালে পাম যেতিয়া এই চিঠিৰ উত্তৰ দিয়াৰ সময়ো নাই। শেষত মোৰ মোৰ মৰমবোৰ আকৌ যাচিলোঁ। ল'বা কিন্তু! মৰমেৰে সামৰণি মাৰি আহিছোঁ দেই।

                         ইতি
               তোমাৰ প্ৰেমিকা
                        মই


🖋️পূৰ্ণেশ্বৰী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)