বিশ বছৰেই হ'ল । তাইক ক্লাছ টেনতেই লগ এৰিলোঁ ।মই সিহঁতৰ কোনোফালৰ পৰাই যোগ্য নহয় ।তথাপি মামণি, নিনা ইহঁতে মোক ভাল পায় কাৰণে মনত পৰে জীৱনৰ বাটত আগুৱাই যাওঁতে।সিহঁতে বা এতিয়া ক'ত কি কৰি আছে , মোলৈ মনত পৰে নে নপৰে ইত্যাদি বোৰ সঁচাকৈয়ে মনলৈ আহে !কিয় আহে নাজানো হয়তো ,সেয়া বন্ধুত্ব ।আজি তিনিবছৰ মানৰ মূৰত এদিন মামণিয়ে ফোন কৰিলে "তই ক'ত আছ? অকণমান লগ দিবি নেকি?"মই স্কুলত ক্লাছ কৰি ওলাইছো মাত্ৰ বুলি জনালোঁ ।তাইৰ মাতটো শুনিয়ে চিনি পাইছিলোঁ।ক'ত লগ কৰিম সুধি প্ৰধানৰ পৰা অলপ সময়ৰ বাবে ছুটি লৈ গ্ৰামীণ বিকাশ বেংক পালোগৈ ।মানুহৰ আগতে দুয়োজনীয়ে সাৱটা সাৱটি কৰিলোঁ আৱেগতে। তাই লগৰে ৰুলিৰ পৰা মোৰ সম্পূৰ্ণ ঠিকনা লৈ আহিছে । ৰুলি বৰ্তমান বোকাখাত কলেজত কৰে ।তাইক ২০২১/১৩ চনত লগ পাইছিলোঁ স্কুলৰ জন্ম জয়ন্তী পাতোঁতে লাইব্ৰেৰীলৈ বহুতকেইখন কিতাপ দান কৰিছিল তাই ।তাইৰ ছোৱালী বৰ্তমান ডাক্তৰ। ছোৱালীক ডিব্ৰুগড়ত থৈ আহি মোৰ ওচৰত সোমাইছিল তাই সেয়ে জানিলোঁ । ক্লাছ টেন মানলৈকে মনে মনে তাই পঢ়াত বৰ যুঁজিলে হেনো মোৰ লগত ।মই গমেই নাপাওঁ তাই নিজে ক'লতহে গম পালোঁ ।পিছে সেই অজ্ঞতা আজি মর্মে মৰ্মে উপলব্ধি কৰোঁ । বাৰু যিয়ে নহওঁক আমি সহপাঠী হিচাপে আজিও ভাল বন্ধু । মাকৰ অসুখ তাই পিছদিনা মোক সিঁহতৰ ঘৰলৈ মাতি পঠালে,গ'লো ।তাৰ পিছদিনা তাই যোৰহাট আৰু গুৱাহাটীৰ অভিমুখে ৰাওনা হ'ব। সেই যে গ'ল তাৰ পিছত দুই তিনিবাৰ মান ফোন কৰিলে তাৰ পিছত আকৌ নিজৰ পৰিয়ালকেন্দ্ৰিক সমস্যাত সোমাই পৰা হ'ল ।যোৱা ২০২১ৰ ২৬জানুৱাৰী ত সৌভাগ্য ক্ৰমে স্থানীয় ধনীৰাম গগৈ মাধ্যমিক স্কুলত সৃষ্টিশীল নৃত্যৰ বিচাৰকৰ আসন গ্ৰহণ কৰিবলৈ মাতিলে ।বিচাৰকৰ যোগ্যতা কিমান আছে নাই নাজানো কিন্তু গ'লো। বুকু ফিন্দাই বহিলোগৈ আসনত । বহিবলৈ গৈ বন্তি প্ৰজ্বলনৰ বাবে সজাই থোৱা ফটো কেইখন দেখি অভিভূত হৈ পৰিলোঁ।সেইয়াচোন মামণিৰ মাক আৰু দেউতাকৰ ফটো । প্ৰধান শিক্ষক বুবোল নাথে ঘোষণা কৰিলে "বিদ্যালয়ৰ শ্ৰেষ্ঠ বঁটা (চলন্ত ) দাতা পৰিয়ালৰ শ্ৰীমতী মামণি বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছেহি সভাৰ আৰম্ভণিতে আমি সেই মহান সকলৰ স্মৃতিত এগছি বন্তি প্ৰজ্বলন কৰিব বিচাৰিছোঁ আৰু তাৰবাবে আমি মামণি বাইদেউক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ" ।মই ইমান আকস্মিকভাৱে এই শুভ দিনটোৰ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ পুনৰবাৰ দীৰ্ঘ দিনৰ বিৰতিত মামণিক সন্মুখত পাই কিমান সুখ অনুভৱ কৰিছিলোঁ সেয়া প্ৰকাশৰ শব্দ মোৰ ওচৰত আজিও নাই ।দুয়োজনৰে স্মৃতিত আমি দুই জনীয়ে বন্তি প্ৰজ্বলন কৰিলোঁ । সেই অনুভৱ টোৱে মোক আজিও সুখী কৰে ।নাজানো মোৰ এইয়া গুণ নে দুখ মই সকলোকে সহজে আঁকোৱালি ল'ব পাৰোঁ ।পাহৰি যাওঁ মুহূৰ্ততে বেয়া লগাবোৰ ।নভবাকৈ এটা পৱিত্ৰ দিনত আমাৰ যি মিলন ইয়াকে সঁচা আন্তৰিকতা,বন্ধুত্ব বোলে চাগে।
✍️দীপা ফুকন
চাৰিং,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ