তোমাৰ ঠিকনা বিচাৰি-নৱজ্যোতি ভৰালী

Rinku Rajowar
0
নিশাৰ শেষত প্ৰভাতী পখীৰ
গীত শুনিবলৈ কাৰ নো মন নাযায়, 
সেয়েহে আশাৰ পাপৰিত খোজ মেলিছো
কিজানিবা তোমাৰ ঠিকনা বিচাৰি পোৱায়ে যায় |

ৰাতিৰ এন্ধাৰত জোনাকী পৰুৱাই ও
বাট দেখুৱায়, 
আৰু নিশাৰ জোনাকত জোনটিয়ে ও
কেতিয়াবা ৰং চায় |

ভালপোৱা শব্দটোৰ মাদকতাই
আজি উন্মুক্ত হৃদয়ত সাজে বন্দীশাল,
কি ঠিক কিজানিবা প্ৰেমৰ ধুমুহাই 
উৰুৱাই লৈ যায় মোৰ দুচকুৰ বৃষ্টিপাত |

তোমাৰ ঠিকনা বিচাৰি 
পালো আজি বহুদূৰ, 
ঘুৰি চাই দেখা পাওঁ
তোমাৰ দুই ওঁঠত হাঁহিৰ খোৰাক |

আগুৱাই যোৱা তোমাৰ সুখৰ বাটেৰে
উপচি পৰক তোমাৰ মুখত হাঁহিৰ ৰংচৰা
নকৰো আমনি আজীৱন তোমাক 
হওঁক আজি মোৰ জীৱন আধৰুৱা ||

              🖋️নৱজ্যোতি ভৰালী
                   চামতা, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)