গোটেই অঞ্চল জুৰি চিনাকি এটি নাম, এলেকাটোৰ প্ৰায় সকলো বয়োবৃদ্ধ সকলোৰে সুখ- দুখৰ খবৰ ৰখা আৰু তেওঁলোকৰ কিবাকিবি অভাৱ অথবা অভিযোগ শুনাৰ আৰু সেইবোৰ বিনা সাৰ্থে পূৰণ কৰিবলৈ নিজৰ সকলো উপাৰ্জনৰ ধন শেষ কৰা মানুহজনেই দিলদাৰ৷
পিতৃ -মাতৃ হাৰা এই দিলদাৰেই আজি জন্মদিনৰ সকলো আয়োজন কৰিলে, অঞ্চলটোৰ কেইবাজনো বয়োবৃদ্ধই মিলি। কাৰণ তেওঁলোকৰ নিজৰ সন্তান কাষত নাই৷ নিজৰ নিজৰ চাকৰি, বেপাৰৰ লগতে অন্যান্য কাৰণত নিজৰ বৃদ্ধ পিতৃ-মাতৃক গাৱঁৰ ঘৰত অকলে এৰি নগৰ মহানগৰীত থাকেগৈ আৰু তেওঁলোকৰ সকলো সুবিধা অসুবিধাৰ খবৰ ল’বলৈ নিজৰ সন্তানৰ আহৰি নাই যদিও দিলদাৰে কিন্তু খবৰ ৰাখেই। এইসকলোকে নিজৰ আপোন বুলি নিজৰ পকেটৰ ধনেৰে এই বৃদ্ধসকলৰ বাবে এখন আটকধুনীয়া উদ্যান (পাৰ্ক) বনাই গোটেই অঞ্চলটোতেই নহয়, জিলাখনতেই পৰিচিত হৈ পৰিছে দিলদাৰ।
DM য়ে তেওঁৰ এইবোৰ কাম কাজৰ প্ৰসংশা কৰাৰ লগতে কেইবাবাৰো award দিবলৈ নাম মনোনীত কৰিছিল যদিও মানুজনে ৰাজি নহ’ল।
কি উচ্চ বিচাৰ?
কি নিম্ন বিচাৰ?
দিলদাৰে কয় এইবোৰ কাম মই কোনো কাৰোবাৰ প্ৰসংশা অথবা চৰকাৰী কোনো award ৰ বাবে কৰা নাই।
মোৰ নিজৰ পিতৃ-মাতৃৰ দৰেই মই এই সমগ্ৰ অঞ্চলটোৰ সকলো বৃদ্ধক সেৱা সুস্ৰষা কৰি আছোঁ, আৰু আগলৈয়ো কৰি যাম।
কি ঠিক কাইলৈ কাৰ পাল পৰে এই পৰিস্থিতিৰ মুখামুখি হ’বলৈ। সেইবুলিয়েই মই হাজাৰ বাৰ জন্মগ্ৰহণ কৰি সকলো বৃদ্ধৰ চকুলো মুচি যাবলৈ বিচাৰো।
✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ
ধুপগুৰি, শোণিতপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ