অসমীয়া নতুন বছৰটো আকৌ আহিলে,
প্ৰতিজন অসমীয়ায়ে মনত উল্লাহে নধৰা হ'ল। ধোল পেপা তাল বাঁহীৰ মাতত, কুলিৰ মাতত, আকাশ বতাহ মোখৰিত হ'ল।
শিপিনীৰ হাতৰ পৰশত বিহুৱান গামোচা প্ৰান পাই সম্পূৰ্ণ হ'ল।
গৰু বিহুৰ কাৰণে গৰুৰ মৰাপাটৰ পঘা নিৰ্মান কৰিলে।
পিঠা পোনা লাৰু কত যে কি!
ঘৰৰ তামোল গছ জোপাত বগাই থকা কপৌ ফুল ফুলিছে।
নতুন বছৰ বহাগ মাহ আকৌ আহিলে।
✍️উৎপল দাস
কুৰুৱাবাহী,বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ