জাতিংগাৰ জুই-হেমেন হাজৰিকা

Rinku Rajowar
0
   
     দেখি নিশিকা
     ঠেকি নিশিকা
     আত্মাভিমানী পক্ষী
     আজি নিৰুপায়  ।

    নিজৰ দেহত
    মহে কামুৰিলেহে বুজে
    ফৰফৰণি কিমান  ।

   কৃত কৰ্মৰ ফল
   ৰত্নাকৰৰ পাপৰ ফল
   পিতা--মাতা, পুত্ৰ--কন্যা
   কাৰোৰে প্ৰাপ্য নহয়  ।

   জাতিংগাৰ জুইত
   নিজেই দিব লাগিব
   আত্ম জাহ
  তাৰেই প্ৰস্তুতি চলিছে সৰ্বত্ৰ ।

  হায় মানৱ
   তুমি শিকিবা কেতিয়া ?
  শ্ৰেষ্ঠ জীৱৰ বিলাই দেখি
  চেতন হীনতাই হাঁহিছে  ।

   হাতো আছে
   ভৰি আছে
   জীৱ শ্ৰেষ্ঠৰ কায়া
  কি কাৰণত আওমৰণে 
  মৰিছা হে মানৱ ভায়া  ।


         🖋️ হেমেন হাজৰিকা
                মিৰ্জা
              কামৰূপ অসম  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)