তুমি এজন বীৰ মোৰ দেশৰ , তুমি এজন ছহিদ মোৰ প্ৰাণৰ । তুমি এজন প্ৰহৰী অনাগত দিনৰ , তুমিয়েইটো এই দেশৰ জনগণৰ বাখৰ । তুমি এজন কৃষক মোৰ ধৰণীৰ , তুমি এজন গায়ক মোৰ গানৰ। তুমি এজন নায়ক মোৰ জীৱনৰ , তুমিয়েইটো দানী মোৰ ভকতৰ । তুমি মোৰ জ্ঞানদাতা সেই জ্ঞানৰ গুৰু, তুমিয়েই ৰক্ষক মোৰ ৰোগীয়া দেহৰ । তুমি এজন কৰ্মী জননীৰ প্ৰাণৰ , তুমি এজন নাগৰিক বিচিত্ৰবনৰ , তুমিয়েইটো সহস্ৰজনৰ হিয়া আমঠু মনৰ । তুমি মোৰ জন্মদাত্ৰী সেই
মৰমী আই তোমাৰ কোলাত ৰছোঁ সপোন জানানে নাই ।তুমি মোৰ আচৰণৰ আদিদেৱী , তুমি মোৰ জীৱন গঢ়া মূল ভেটি ।
✍️নৱজ্যোতি চেতিয়া
সোণাৰি
Moja lagise broo
ReplyDelete