বসন্তৰ আগমনত~কবিতা~দেৱশ্ৰী ওজা বৰা

©Admin
0
কুউ কুউ কৈ কুলিজনীয়ে
আমৰ ডালত পৰি ,
সুমধুৰ ধ্বনিৰে দিলেহি 
বসন্তৰ আগজাননী ৷

আমাৰ শিপিনীৰো গাত 
এইকেইদিন নাই আহৰি ,
মৰমৰ দীঘ দি,
চেনেহৰ বানী দি 
জুৰিলে তাঁতৰ পাতত বহি ,
আমাৰ মৰমৰ বিহুৱান খনি ৷ 

চেনেহীক বিচাৰি আমাৰ 
মৰমীজনীও হ’ল বাউলি ,
গছৰ কপৌ জোপালৈ চাই 
আমাৰ চেনেহীয়ে মাৰিলে ,
এটি বৰ মিঠা হাঁহি ৷

✍দেৱশ্ৰী ওজা বৰা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)