যোৱা নিশা আহিছিল এজাক বৰষুণ~কবিতা~মফিজুল হক ভূঞা

©Admin
0
যোৱা নিশা আহিছিল এজাক বৰষুণ
বৰ ডাঙৰ বৰষুণ নহয়, কিনকিনিয়া বৰষুণ
বৰষুণৰ টোপালবোৰ
আমাৰ জুপুৰি পঁজাটোত পৰি
সৃষ্টি কৰিছিল এটি সুৰ ।

তেতিয়াই হাতত লৈছিলোঁ
মোৰ মৰমৰ গীতাৰখন
বৰষুণে গান গাইছিল
মই সেই গানৰ সুৰে-সুৰে
গীতাৰৰ তাঁৰত হাত বোলাইছিলোঁ ।
হঠাৎ বৰষুণৰ সুৰ স্তব্ধ হৈছিল
মোৰ আঙুলি ৰৈ গৈছিল ।
গীতাৰখন থৈ
দুৱাৰ মেলিছিলোঁ
ৰঙা সূৰুজ টোৱে আহি
পদূলিত ৰৈ আছেহি ।
সূৰুযমুখী জোপাইয়ো পাহিবোৰ মেলিব ধৰিছে ।

নিয়ৰৰ মুকুতাবোৰ জিলিকি উঠিছে
সূৰুযৰ পোহৰ পৰি ।
ৰঙা নীলা হালধীয়া সেউজীয়া নানান ৰূপ লৈছে
নিয়ৰৰ  সেই মুকুতাবোৰে ।

যোৱাকালি অহা বৰষুণজাক সপোন আছিল নে !
বাস্তৱ আছিল
মই ধৰিবই নোৱাৰিলোঁ ।

✍️মফিজুল হক ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)