অণুগল্প-হিচাপৰ বহী~চুমিন্দ্ৰ চৌধুৰী

©Admin
0
বস্তুৰ জুই চাই দাম, ছোৱালীৰ স্কুলৰ খৰছ,  ঘৰৰ ভাড়া, গাড়ীৰ লোনৰ পৰিশোধৰ নামত দৰমহাৰ টকা কেইটা মাহৰ প্ৰথম দহ দিনৰ ভিতৰতে উধান হৈ যায় ৷ তাৰ পাছতে আৰম্ভ হৈ যায় সংসাৰ নামৰ গাড়ীখন চলাই আগুৱাই নিয়াৰ বাবে সংঘাত ৷ দৰমহা পোৱাৰ পাছত বেংকৰ ষ্টেটমেন্টখন আকৌ এবাৰ চকু ফুৰাই  অৰুনাভে কিবা অলপ চিন্তা কৰি ঘৰৰ এচুকত থকা পৰিত্যক্ত আলমাৰিটোৰ পৰা বহু দিন আগতেই সজতনে থোৱা বহীখন উলিয়াই আনিলে ৷ তাতকৈ বহু গুণে কম টকাৰে সাত জনীয়া সংসাৰ এখন চলোৱা সেই পুৰণি জমা-খৰছৰ বহীখন তাৰ কাৰণ এখন গবেষণা পত্রৰ দৰেই লাগিল ৷ দেউতাকৰ পুৰণি জমা-খৰছৰ দস্তাবেজ খনে তাক আৰ্থিক শৃংখলাবদ্ধতা মানি আঠুৱা চাই ঠেঙ মেলা কথাষাৰ পুনৰ সোঁৱৰাই দিলে ৷ মনত নতুন আশা আৰু উদ্যম লৈ অৰুনাভে জমা-খৰছৰ তালিকা এখন বনাবলৈ বহি পৰিল ৷

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)