ৰুগ্ন মানুহ, ৰুগ্ন আমাৰ সমাজ;
য'ত নাথাকে কোনো দয়া, মমতা।
যান্ত্ৰিক যুগৰ ব্যস্ত সমাজ;
ৰুগ্ন হৃদয়ে চিঞৰি চিঞৰি কান্দে।
সমাজ উন্নত হ'ল,
কিন্তু একতা হেৰাই গ'ল।
ডিগ্ৰী বহুত হ'ল,
কিন্তু প্রকৃত শিক্ষা হেৰাই গ'ল।
ৰঙীন ধৰণীখনেও টুকে চকুপানী।
হাঁহিটো চিৰযুগমীয়া কৰিব বিচাৰিছিলোঁ
কিন্তু ভৱা নাছিলো ইয়াৰ আঁৰত
আন এখন মুখ যে থাকিব।
ৰুগ্ন হৃদয়ৰ বেদনাৰ মাজত
কেতিয়াবা বিচাৰি পামনে?
প্রকৃত সমাজখনক।
প্রকৃত আপোনবোৰক।
য'ত সকলোৱে
চিঞৰি চিঞৰি ক'ব
আমি অসমীয়া ;
সদায় একতাৰ এনাজৰীৰে বন্ধা
আমি সদায় আমিয়েই হৈ থাকিম।
ইয়াত হিংসাৰ স্থান নাই।
✍ ধৃতাশ্রী বৰ্মন
কৈঠালকুছী; নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ