এই নিজান ৰাতি-ধৃতাশ্রী বৰ্মন

Rinku Rajowar
0
নিজান এই ৰাতি 
  দুচকুত নাই টোপনি,
সপোনবোৰে শুব নিদিয়ে
  স্মৃতিবোৰে চকুপানী টুকে।
হেজাৰ সপোন 
 নৈয়ে উটুৱাই লৈ গ'ল,
পলকতে চুৰমাৰ হ'ল
 হেজাৰ আশা।
 
উজাগৰী প্রতি নিশা
   খেলিমেলি প্রতিটো সপোন।
খিৰিকীখন মেলি 
 বাহিৰলৈ চালোঁ!
মতলীয়া বতাহ এজাকে 
মোৰ দেহ মন চুই গ'ল।
  ক'ৰবাৰ পৰা 
শেৱালীৰ মৃদু গোন্ধ ভাহি আহিল। 

হঠাৎ চকু পৰিল 
 ডাৱৰৰ আঁৰত
লুকাই থকা জোনটোলৈ
নিস্তব্ধ আকাশখনত 
 অকলশৰীয়া জোনটো।
 
 জোনটিয়ে হেনো মোক
   সাহস দিছে!
জীয়াই থকাৰ;
  প্রতিটো সপোন পূৰণ কৰাত;
    সাহসী হোৱাৰ; 
হাতত কলম তুলি 
 লিখি গ'লো! 
  আবেগেৰে ভৰা 
   জোনবাইৰ দেশৰ 
      এটি কবিতা। 

     ✍ ধৃতাশ্রী বৰ্মন
   কৈঠালকুছী, নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)