ৰাণীমাৰ সৌভাগ্য-অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
অনুপম জীৱন সুন্দৰ জীৱনলৈ ---
কেতিয়াবা দুৰ্ভাগ্য বগুৱাবাই আহে ,
ৰাণীমাৰো এদিন 
দুৰ্বিসহ জীৱন আৰম্ভ হৈছিল
সাংসাৰিক জীৱন সন্দেহত থান বান হৈছিল ।

অনুশোচনাত জৰ্জ্জৰিত-- 
অত্যাচাৰত জুৰুলা হৈ---
মৰ্ম্মান্তিক বেজাৰত এদিন সাহস গোটাই,
সংসাৰৰ জঞ্জালৰ পৰা চিৰ মুক্তি বিচাৰি, 
আত্মহত্যাৰ 
শুভ ক্ষণলৈ বাট চাই আছিল -----।

কোলাত কেচুৱা সন্তান ,
কৈশোৰৰ চঞ্চল মনৰ  
দূৰন্ত সপোন বোৰে ভূমুকি মাৰিছিল,
যৌৱনৰ কথা বোৰে আমনি কৰিছিল ,
ঠুনুকা মন হতাশাত ভাগি পৰিছিল।

অতি আবেগিক ভাৱে 
উপভোগৰ ৰঙীন স্বপ্নৰ পম দেখি 
কম বয়সতে বৈবাহিক জীৱনৰ 
সোৱাদ ভৰা মায়াজালত
বন্দী হৈছিল ৰাণীমা ।

চঞ্চল মনেৰে প্ৰাণ ভৰি ভাল পোৱা জনক
জীৱন অৰ্পন কৰিছিল ,
হিয়া যাঁ‌চিছিল 
দিন বাগৰিল ----এটি সন্তান জন্ম দিলে ,
সময় পৰিবৰ্তন হ'ল ---
জীৱন তিক্ত হ'ল -----
সংসাৰিক জীৱনত অবিশ্বাস গভীৰ হৈ আহিল।

অত্যাচাৰত ---
সংসাৰ ফাট মেলিলে
মনত সন্দেহ ভাৱে পীড়া কৰি থাকিল---
বেজাৰত ম্ৰিয়মাণ ---
ৰাণীমাক সাংসাৰিক জীৱনৰ পৰা 
আতৰ কৰাৰ ষড়যন্ত্ৰ চলিল।

ৰাণীমা অচিনাকি ঠাইত অসহায় হ'ল,
জীয়াই থকাৰ মততা হেৰুৱালে 
উপায় বিহীন হৈ ,
আত্মহত্যাৰ বাবে কোলাত কেচুৱা লৈ 
সন্মুখত থকা নদী খনৰ পাৰত 
জাপ দিবলৈ ক্ষণ গণি থাকিল ।

এনেতে
কোনো অচিনাকি ব্যক্তিয়ে 
জীৱন বৃতান্ত শুনি 
ৰাণীমাক পিতৃ মাতৃৰ গৃহলৈ ঘূৰাই পঠালে  ,
ঘুৰি আহিল এবুকু দুখ লৈ ,
ৰাণীমাই আত্মহত্যা কৰিব নোৱাৰিলে।

ভাগ্য কেতিয়াবা পৰিবৰ্তন হয় ,,
ৰাণীমাৰো সেয়ে হ'ল,
জীৱন বাটৰ সৰু বৰ খোজত 
মুকুতা বিচাৰি তন্ময় হৈ থাকোতে
সপোন কোঁ‌ৱৰৰ লগত দ্বিতীয় বিবাহ হৈ গ'ল।

সুখৰ জীৱন এনে দৰে আহে,
আজি ৰাণীমা অত্যন্ত সুখী--
আগৰ জীৱনৰ গোপন অধ্যায় গোপন হৈ ৰ'ল,
এই কথা ব্যক্ত নহ'ল,
পৰবৰ্তী সময়ত স্বামীয়েও নাজানিলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)