নোকোৱাকৈয়ে ৰৈ গ'ল বহু কথা-কস্তুৰী কৌশিক

0
সৌ যে সিদিনাখন তোমাক দেখিছিলো  ,
বিশ্বাস নকৰিবা ক'লে তুমি কিন্তু এয়াই সচাঁ ..... তোমাক সেই বগা কামিজটো আৰু ওঁঠৰ হাঁহিটোৰ সৈতে বহুত ধুনীয়া লাগিছিল 
...... একদম হাই হেণ্ডচাম 
তেতিয়া একো ক'ব পৰা নাছিলোঁ মই,
ভয় লাগিছিল ... যদি তুমি গালি পাৰা 
কিন্তু আমাৰ চেল্ফি বোৰ চাই চাই অকলে অকলেই হাহিছিলো ।
উফ্ ... কি যে এইবোৰ অনুভৱ !? 
নাভাৱো বুলিলেও চোন নিজে নিজে আহি উপস্থিত হয় মগজুত 
ক'ব নোৱাৰিম তোমাক কিমান ভাল পাওঁ 
আকাশ আৰু সাগৰৰ লগতো তুলনা কৰিব নোৱাৰোঁ 
হয়তো ক'ব লগীয়া বহু কথা নোকোৱাকৈয়েই ৰৈ যাব ,
সেয়েহে সময় পাওঁতেই কওঁ ,“ এনেকৈয়েই থাকিবা দেই তুমি  আৰু মোৰ প্ৰতিটো খোজত 
সাৰথি হৈ ৰ'বা তুমি
হৃদয়ত মাথোঁ তুমি 

 🖋️ কস্তুৰী কৌশিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)