প্ৰবন্ধ|বিপদ এজন ভাল শিক্ষাগুৰু-দেচডিমনা দাস

হয়, বিপদ এজন ভাল শিক্ষাগুৰু । যিয়ে মানুহক খুব ভাল শিক্ষা দি যায়। জীৱনৰ বহু অভিজ্ঞতাৰ পৰা আমি এই কথা ক'ব পাৰোঁ। সাধাৰণতে আমি প্ৰত্যেকজন মানুহেই বিপদলৈ ভয় কৰোঁ, বিপদৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। কিন্তু এই বিপদে আমাক লগ এৰিব নিবিচাৰে। কিন্তু আপুনি বা মই ভালকৈ বিচাৰ কৰি চালে বিপদেও মানুহক শিক্ষা দি যায় সেই কথা আমি  নুই কৰিব নোৱাৰোঁ। । জীৱনৰ বাটত বাট বুলুতে বিপদৰ পৰা শিক্ষা লাভ কৰা অনেক উদাহৰণ আছে। যেনে-
    (ক)এগৰাকী গৰ্ভৱতী মহিলা জৰুৰী ভাৱে হাস্পতাল যাবলগীয়া হৈছে। নিজা বাহন নথকাৰ বাবে পৰেশে  ওচৰৰে ৰবীন মাষ্টৰৰ ঘৰৰ গাড়ীখন বিচাৰি গ'ল। কিন্তু ৰবীন মাষ্টৰে বহু অজুহাত দেখুৱাই গাড়ীখন নিদিলে। চকুত চকুপানী লৈ পৰেশ তাৰ পৰা উভতি আহিল। শেষত ঠেলাত লৈ হাস্পতাললৈ লৈ গ'ল ।সেইদিনা পৰেশে এক ডাঙৰ শিক্ষা পালে। বিপদৰ সময়ত মানুহে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ভাবি অনাগত দিনত মানুহক বিপদত সহায় কৰাৰ প্রতিশ্রুতি ল'লে।
    (খ) অংশুমানে বিপদত পৰা মানুহক লাগ বুলিলেই টকা- পইচা দি সহায় কৰি ভাল পাইছিল। তাত অংশুমানে বিমল  আনন্দ লাভ কৰিছিল। কিন্তু এদিন অংশুমানৰে ডাঙৰ বিপদ হ'ল। হঠাৎ টকাৰ প্ৰয়োজন আহি পৰিছিল। আগতে সহায় কৰি থোৱা মানুহবোৰৰ ওচৰত সহায় বিচাৰি গ'ল যদিও কোনেও সহায়ৰ হাত আগবঢ়াই নিদিলে। তাৰ পৰা অংশুমানে এটাই শিক্ষা পালে যে, সহায় কৰিব লাগে কিন্ত জোখতকৈ অধিক হ'ব নালাগে। 
 গ) দুজন ল'ৰাই খুব দ্ৰুতগতিত বাইক চলাই গৈ আছে। ৰাস্তাৰ খলা-বমা চাবলৈ যেন সিহঁতৰ আহৰি  নাই। ঠিক তেনেকুৱাতে স্পীডব্রেকাৰত চকা উঠাত বাইকৰ পৰা ওফৰি পৰিল । কথমপি সিহঁতৰ প্ৰাণ ৰক্ষা পৰিল। সেইদিনা সিহঁতে বুজি পালে যে, ক্ষন্তেকৰ ভোজ খাওঁতা নাই। বাইক,গাড়ী,চাইকেল যিয়েই নহওক খুব সাবধানে  চলাব লাগে।          
      ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে, দৈনন্দিন জীৱনত বহুতো বিপদে মানুহক আগভেটি ধৰে। আৰু প্ৰত্যেকটো বিপদে একো একোটা শিক্ষা দি যায়। সেই বিপদবোৰেই শিকাই যায় মানুহৰূপী মুখাপিন্ধা বহু মানুহ।  বিপদে শিকাই যায় কিদৰে বিপদৰ পৰা আঁতৰি থাকি সৎ পথেৰে বাট বুলিব পাৰি। এনে কিছুমান কাৰণতে বিপদক এজন ভাল শিক্ষাগুৰু বুলি ক'ব পাৰি।


🖋️দেচডিমনা দাস,ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send