কোন কাৰ বাবে-পৰাগ জ্যোতি ভট্টাচাৰ্য্য

ক'ত আজি সেই শিকলিদাল 
কোন কাৰ বাবে
কোন আজি আপোন
কোন কাৰ চিনাকী
ব্যস্ত দুনিয়াৰ অৰ্ধনগ্ন পথৰ যাত্ৰী সকলো!!!
দুচকুত ৰঙীন পৰিবেশৰ হেপাহ
সময়ৰ স'তে উতুৱাই নিছে তেজৰ সম্পৰ্ক
মাথো আঁ‌চলৰ তলত লুকুৱাই ৰ'ল কুৎচিৎ স্বাৰ্থ...
ছিঃ ছিঃ ছিঃ..... লাজ লগা
ওঁ‌ঠৰ ভাষা আজি লুপ্ত,সপোন মৃত্যুৰ পথিক 
বুকুত বিষাক্ত অনল লৈ গৈ আছো নিৰ্মল নৈৰ স'তে........।


🖋️পৰাগ জ্যোতি ভট্টাচাৰ্য্য
  বামুণ আংৰাদী (নলবাৰী)
  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send