উভতি অহাৰ গান-কবিতা~পূৰবী বৰুৱা

য'ত অন্ত পৰে পৃথিৱীৰ শূণ্যতা
য'ত ৰুদ্ধ হয় জীৱনৰ সংলাপ
য'ত বন্ধ কৰিব খোজা হয় হৃদয়ৰ   দোৱাৰ ।
তাৰ পৰাই আৰম্ভ হয় খোজ ।
বাৰে বাৰে গুচি যোৱাৰ বাটক
উভতাই অনাৰ বাটত কেতিয়াবা
মৃত্যু হয় বৰ্তমানৰ ।
য'ৰ পৰা শেষ হৈছিল সেউজীয়া
তাতেই ৰৈ থাকে
 একোটা চিৰন্তন পুৱা ।

নীলিমা ৰ সুদুৰ পৰাহত
     নিস্তব্ধ প্ৰহৰ,
        মায়াময় ।
জোনটোৱে  সিচি যায় চোতালত
 এসাগৰ জোনাক ।
বাৰে বাৰে মৃত হওঁক তেন্তে সময়
পুনঃ জী উঠক  
      হাজাৰ আত্ম সত্বা,,,।
      
🖋️পূৰবী বৰুৱা ,সোনাৰি
      

   ‌

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send