গল্পৰ দৰে জীৱন-(১) তুমি মৃত্যুঞ্জয়~দুলুমণি গগৈ

©Admin
0
" মা, ময়ো দাদাৰ নিচিনাকৈ  চি আৰ পি এফতে জইন কৰোঁগৈ।" 
 
  মৰিধল কলেজত পদাৰ্থ বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ স্নাতক পৰ্যায়ৰ অন্তিম বৰ্ষত অধ্যয়ন কৰি থকা ল'ৰাটোৱে  নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শংকিত হোৱাৰ কাৰণ নাছিল। মাথো ককায়েকে অকলেই ঘৰৰ দায়িত্ব কান্ধ পাতি লোৱা দেখি হাত সাৱটি বহি থাকিব নিবিচাৰিলে।  ককায়েকৰ বাটেৰেই বাট বুলি  চি আৰ পি এফ বাহিনীৰ  চাকৰি প্ৰাৰ্থী হিচাপে থিয় দিলে ।  প্ৰাৰ্থী বাচনিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ শাৰীৰিক সক্ষমতা পৰীক্ষাতো নিৰ্বাচিত হৈছিল। মাকৰ সৈতে সেইবিষয়ে প্ৰায়ে  আলোচনা চলিছিল । অত্যন্ত মেধাৱী সৰু পুত্ৰৰ সেই সিদ্ধান্তত মাকে পোনপ্ৰথমে সন্মতি জনোৱা নাছিল।  এগৰাকী মাতৃৰ অন্তৰে  দুয়োটা পুত্ৰ সন্তানক সততে বিপদসংকুল বুলি পৰিগণিত চি আৰ পি এফৰ চাকৰিত সোমোৱাৰ বাবে অনুমতি দিব খোজা নাছিল। ডাঙৰ সন্তানে ইতিমধ্যেই সেই চাকৰিতে যোগ দিছিল। কিন্তু দেশ মাতৃৰ সেৱাৰ হকে হৃদয়েৰে উৎসৰ্গিত পুত্ৰৰ মনক বাধা দিয়াটো মাতৃ চন্দিকা চুতীয়াৰ বাবে সম্ভৱ নাছিল।

---"তুমি আৰু পঢ়া সোণ! ভালকৈ এম এচ চিটো কৰা। দাদাৰে চি আৰ পি এফত যোগদান কৰিছেই , তুমি প্ৰফেছাৰ হ'বা।"
---" বহুত টকা-পইচা খৰচ হ'ব নহয় মা। ঘৰৰ অৱস্থা এয়াহে ! দাদাইনো কিমান কৰিব? মই যদি অকল পঢ়িয়েই থাকো... চোৱাচোন... এম এচ চিত দুবছৰ, আকৌ পিএইচডি, আকৌ নেট বা শ্লেট লগাবলৈ কিমান বছৰ লাগিব; তাৰ কোনো ঠিকনা নাই। তাৰ পিছতো আকৌ অসম চৰকাৰৰ চাকৰিত সোমোৱালৈকে 'ধান পকে মানে টুনীৰ মৰণ' হ'ব।"
---"সেইটো বাৰু হয়। তথাপিও তুমি  পঢ়া-শুনাত ইমান চোকা!! আৰু অকণমান চেষ্টা কৰিলে ...."
---" মই বাৰু সদায় চি আৰ পি এফত সোমাই জীৱনটো শেষ নকৰোঁ দিয়া। মই আৰু পঢ়িম। বেলেগ চাকৰিৰ বাবেও চেষ্টা কৰিম। কিন্তু সদ্যহতে কলিং আহিছে যেতিয়া জইন কৰোঁ,  ন' মা?"
---" মই আৰু কিনো ক'ম সোণ? তুমি যি ভাল দেখা তাকে কৰা।ঈশ্বৰে দেখিয়েই আছে, তুমি কিমান কষ্টত ডাঙৰ-দীঘল হৈছা। তোমাৰ মনোকামনা নিশ্চয় পূৰণ
কৰিব তেওঁ। আৰু জীৱনৰ সংশয়নো ক'ত নাই!  চি আৰ পি এফত বুলিয়েই নহয়, সকলো চাকৰিতে থাকেই। ইয়াতো আছে। মানুহৰ জীৱনত ভৱিষ্যতে কি হয় কোনে জানে? ঈশ্বৰে তোমাৰ মংগল কৰক সোণ!"

অৱশেষত স্নাতক ডিগ্ৰীৰ অন্তিম পৰীক্ষাটো শেষ কৰি সেইদিনা ৰাতিয়েই  মাক-দেউতাকৰ ভৰি চুই সেৱা কৰি
চাকৰিত যোগ দিছিলগৈ।
  
    সেয়া আছিল  ২০১৭ চনৰ মাৰ্চ মাহৰ কথা। সুন্দৰ স্বাস্থ্যৰে  অমায়িক আৰু ভদ্ৰ অসমীয়া সন্তান মৃত্যঞ্জয় কৰ্মক্ষেত্ৰতো সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিছিল। নিৰ্দিষ্ট সময়ত ঘোষণা কৰা  স্নাতক পৰীক্ষাৰ ফলাফলতো তেওঁ প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হৈছিল।

  
 ধেমাজিৰ চিচিবৰগাঁৱৰ ছবিলাল চুতীয়া দেৱৰ কনিষ্ঠ সন্তান মৃত্যুঞ্জয়। মাক-দেউতাকৰ মৰমৰ দুদু । দুদুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত  সুখ্যাতিৰে প্রথম বিভাগত উত্তীৰ্ণ হৈছিল চিচিবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। তাৰপাছত তেওঁ চিলাপথাৰ কণিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি উচ্চতৰ মাধ্যমিকত দুটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। ২০১৪ চনত তেওঁ ধেমাজিৰে মৰিঢল মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত নামভৰ্তি কৰিছিল । শিক্ষক সকলৰো বৰ প্ৰিয় আছিল মৃত্যুঞ্জয়।  ইমান পঢ়া-শুনাৰ মাজতো বন্ধু-বান্ধৱসকলক সময় দিছিল। কঁঠাল খাই ভাল পোৱা ল'ৰাটোক সমনীয়াহঁতে  কঁঠাল' নামেৰে জোকাইছিল।  অত্যন্ত অমায়িক ল'ৰাজনে হাঁহিৰে সেই নাম শিৰোধাৰ্য কৰিছিল।

   তেওঁ নিজেতো  চাকৰিত যোগদান কৰিবই। কিন্তু তাৰ আগতে তেওঁৰ মনলৈ আহিছিল যে তেওঁৰ দৰেই বহুতো দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আছে যাৰ কলেজৰ স্নাতক পৰ্যায়ৰ  বিজ্ঞানৰ পাঠ্যপুথিসমূহ কিনাৰ সামৰ্থ্য নাই। সেই ২১ বছৰীয়া ল'ৰাটোৱে  নিঃস্বাৰ্থ সেৱাৰ ভাৱেৰে নিজৰ পাঠ্যপুথিসমূহ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াই দিছিল যাতে তেওঁলোকেও পঢ়ি-শুনি ভাল মানুহ হ'ব পাৰে।

  পদাৰ্থ বিজ্ঞানৰ দৰে এটা অতি কঠিন বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰি উত্তীৰ্ণ হোৱাৰ পাছতো তেওঁৰ জেনেৰেল ডিউটিৰ কনিষ্টবল পদমৰ্যাদাক লৈ গৌৰৱ কৰিছিল। অতি শীঘ্ৰেই হয়তো তেওঁৰ পদমৰ্যাদাক উচ্চ-পৰ্যায়লৈ উন্নীত কৰিব পাৰিলেহেঁতেন। তেওঁক কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ ১১৫নং বেটেলিয়নৰ কাৰ্যালয়তে মকৰল কৰা হ'ল। দেশত সততে উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত বুলি জনাজাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ  উচ্চ মেধাসম্পন্ন মৃত্যুঞ্জয়ে প্ৰায়েই  উত্তৰ দিবলগীয়া হৈছিল ......
 ইমান পঢ়া-শুনা কৰাৰ পাছত তেওঁ এই বিভাগত চাকৰি কৰিবলৈ কিয় আগবাঢ়ি গৈছিল? দেশ-মাতৃৰ সেৱা, পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা আৰু জীৱনত বহু কিবাকিবি কৰাৰ হেঁপাহ--এই সকলো সপোন সাৰ্থক কৰাৰ বাবে তেওঁ এঢাপ এঢাপকৈ হে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছিল। নিজহাতে নিজৰ জীৱন গঢ়াৰ মাদকতাই সুকীয়া।  তেওঁৰ কাষত পিতৃপ্ৰদত্ত অগাধ সম্পত্তিৰ ভৰাঁল নাছিল। আছিল এটা সুন্দৰ মন, এটা উৰ্বৰ মস্তিষ্ক আৰু নিজ পিতৃ-মাতৃ আৰু দেশ আৰু দহৰ প্ৰতি নিস্বাৰ্থ প্ৰেম আৰু ভক্তি। 
   
       সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি কঠিন বিষয় হিচাপে থিয় দিয়া এই পদাৰ্থবিজ্ঞান বিষয়টোৰ জটিল সমস্যাবোৰ সহজে সমাধান কৰোঁতেই হয়তো মৃত্যুঞ্জয়ে জীৱনৰ কঠিন সংগ্ৰামখনক হাঁহি-হাঁহি জয় কৰাৰ বাবে আত্মবিশ্বাস লাভ কৰিছিল। জীৱনৰ বহু প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল দিনৰ সপোন দেখা মৃত্যুঞ্জয়ে ককায়েকৰ সৈতে লগ লাগি নিজৰ ঘৰখনক  নতুনৰূপত সুন্দৰকৈ সজাৰ প্ৰয়াস কৰিছিল। 

     চাকৰিত যোগদান কৰি কঠিন প্ৰশিক্ষণৰ বাবে বহুদিন ঘৰলৈ আহিব পৰা নাছিল। স্মৃতিকাতৰ মনটোৱে শৈশৱৰ, কলেজীয়া জীৱনৰ বন্ধু-বান্ধৱ সকলৰ মাজলৈ বাৰে বাৰে উৰা মাৰিছিল।সেই বয়সতে বন্ধু-বান্ধৱৰ সৈতে স্ফূৰ্তি-আনন্দ কৰাৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিছিল নিজৰ সামাজিক মাধ্যমৰ একাউণ্টটোক।   আমনি কৰিছিল বহুবাৰ ঘৰখনৰ, গাওঁখনৰ সেই স্মৃতিয়ে। ইমান কম বয়সতে চাকৰি জীৱন আকোঁৱালি লোৱা দুদুৱে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল বন্ধুবৰ্গক- ঘূৰি আহি আকৌ কলেজীয়া জীৱনৰ ধেমালিবোৰৰ মাজলৈ উভতি যাব। ফেচবুকৰ জৰিয়তেই নিজৰ বন্ধুবৰ্গৰ সৈতে অসংখ্য কথা পাতি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল। মাজতে ঘৰলৈ ঘূৰি আহিছিল.... .গেলোৱা, মেচুগাঁও, চৌখামতিং, চাপৰিমুখ আদি পাৰ হৈ চিচিবৰগাঁওলৈ যাওঁতে সেই পথত দেখা বা লগ পোৱা প্ৰত্যেকজন লোককে মাত দি গৈছিল।.. তেওঁ বন্ধু-বান্ধৱসকলৰ মাজলৈ ঘূৰি আহি আকৌ সেই দিনবোৰলৈ উভতি গৈছিল। অইন দহজন কুৰিৰ দেওনাত ভৰিদিয়া নৱযুৱকৰ দৰেই বন্ধু-বান্ধৱৰ ঘৰলৈ গৈ আড্ডা দিছিল। বিয়াৰ কথা পাতিছিল। পুনৰ উভতি গৈছিল।
আন হাজাৰজন সাহসী যোদ্ধাৰ দৰেই মৃত্যুঞ্জয়েও কাশ্মীৰৰ সুন্দৰ ভূখণ্ডত শান্তি শৃংখলা অটুট ৰখাৰ দায়িত্ব লাভ কৰিছিল। জন্মু-কাশ্মীৰৰ নৈসৰ্গিক ৰূপ, ৰাজধানী শ্ৰীনগৰৰ মনোমোহা হ্ৰদ সমূহ, বাগিচাসমূহে যিকোনো মানুহৰে মন-প্ৰাণত সেই ভূখণ্ডৰ সুৰক্ষাৰ বাবে  অহোপুৰুষাৰ্থ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ তাত থকা কালছোৱাতে কাশ্মীৰৰ ৰাজনৈতিক ক্ষেত্ৰখনতে আমূল পৰিবৰ্তন দেখিবলৈ পাইছিল।

       ভাৰতৰ দৰে নানা বিবিধতাৰে পৰিপূৰ্ণ এক বিশাল ভূখণ্ডক  একত্ৰিত   কৰি  এখন ৰাষ্ট্ৰৰ ৰূপ দিয়াটো সহজ কাম নাছিল। কেতিয়াবা বিভিন্ন প্ৰান্তত নিজস্ব দাবী পূৰণ নোহোৱাত  মতানৈক্যৰ ফলস্বৰূপে বহু সশস্ত্ৰ উগ্ৰপন্থী সমস্যাৰ সৃষ্টি হৈছে। বহুবাৰ তেনে সশস্ত্ৰ উগ্ৰপন্থী সমস্যাক  চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলগীয়া হৈছে।  দেশখনৰ শান্তি-শৃংখলা অটুট ৰাখিবলৈ এনে সশস্ত্ৰ উগ্ৰপন্থী সমস্যাৰ সমাধানৰ বাবে উৎসৰ্গিত কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ প্ৰতিজন জোৱান। তাৰে ভিতৰত চুবুৰীয়া দেশ পাকিস্তানৰ দ্বাৰা পৰিচালিত ষড়যন্ত্ৰমূলক বিদ্ৰোহত সন্ত্ৰাসজৰ্জৰ কাশ্মীৰৰ সমস্যাই  দেশবাসীৰ কতজনী  মাতৃৰ বুকুৰ পৰা বীৰ সন্তান কাঢ়ি লৈছে তাৰ কোনো হিচাপ হয়তো নোলাব। 
 
এজন ৰজা আছিল।আন বহু ৰজাৰ দৰেই তেওঁ সদায় স্বাধীন ৰাজ্যৰ সপোন দেখিছিল.....!

    ইতিহাসৰ পাতত লিপিবদ্ধ আছে ভূ-স্বৰ্গ কাশ্মীৰৰ হিন্দু ৰজা হৰিসিংহই গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰে বিলয়ত   ৰাজতন্ত্ৰ লোপ পোৱাৰ ভয়ত  বিলয়ৰ ক্ষেত্ৰত  সময়োচিত পদক্ষেপ  লোৱা নাছিল। আনহাতে ইছলামিক ৰাষ্ট্ৰ পাকিস্তানৰ অংশ হোৱাৰ প্ৰশ্নই নুঠে । কিন্তু তেওঁৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোকেই ইছলাম ধৰ্মাৱলম্বী হোৱা বাবে পাকিস্তানৰ শাসক পক্ষই কাশ্মীৰৰ অবিহনে নিজৰ দেশৰ মানচিত্ৰ আধৰুৱা বুলিয়েই ভাবিছিল।  

    দুখন পৰস্পৰ বৈৰী-ভাৱাপন্ন দেশৰ মাজত অৱস্থিত  কাশ্মীৰৰ ভৱিষ্যতৰ বিষয়ে ভাবি উদ্দিগ্ন হোৱা লৰ্ড মাউণ্টবেটেনৰ বুজনিয়েও ৰজা হৰিসিঙৰ  স্বাধীন ৰাজ্যৰ সপোন ভাঙিব পৰা নাছিল।  অৱশেষত অসামৰিক পোছাকত অহা পাকিস্তানী সেনাৰ আগ্ৰাসন আৰু বাৰমুল্লাৰ জনতাৰ ওপৰত  নৃশংস-বৰ্বৰ আক্ৰমণত ভীতিগ্ৰস্ত হৈ ভাৰতৰ পৰা সহায় লাভৰ আশাৰ পৰিপ্ৰেক্ষিতত  বিলয়পত্ৰত স্বাক্ষৰ কৰিছিল। পাকিস্তানৰ সেনাৰ পৰা কাশ্মীৰৰ জনতাক উদ্ধাৰ কৰাৰ আশাত বিলয়পত্ৰত স্বাক্ষৰ কৰাৰ পিছতো মহাৰাজ হৰিসিঙে নিজৰ স্বাধীনতা হেৰুৱাই বিবেক দংশনত ভূগিছিল। ভাৰতৰ ভূখণ্ডত অন্তৰ্ভুক্ত হোৱাৰ পাছতো সেই ৰাতিয়েই তেওঁ নিজৰ দেহৰক্ষীক হাতত  পিষ্টল তুলি দি কৈছিল যে যদিহে পাছদিনা পুৱালৈ ভাৰতীয় সেনা কাশ্মীৰ নাপায়হি তেন্তে তেওঁক শুৱাৰ পৰা জগোৱাৰ প্ৰয়োজন নাই। তেওঁক গুলীয়াই হত্যাহে কৰে যেন।  ইতিহাসৰ পাতত আৰু লিপিৱদ্ধ হৈ আছে ৰজাৰ হাতৰ পৰা কিদৰে শেখ আব্দুল্লালৈ ক্ষমতা হস্তান্তৰিত হৈছিল। শেখ আব্দুল্লাই নিজৰ সবল নেতৃত্বৰ বলতেই কাশ্মীৰৰ জনতাৰ বিশ্বাস আদায় কৰিছিল আৰু প্ৰতিশ্ৰুতি মতে  ভাৰতৰ সংবিধান সভালৈ নিজৰ মনোনীত সদস্য প্ৰেৰণ কৰাৰ লগতে নিজেও  সংবিধানৰ খচৰা প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু ঘটনাচক্ৰৰ পাকত  পৰি লৰ্ড মাউণ্টবেটেন,  পণ্ডিত জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ হাতৰ পৰা কাশ্মীৰৰ সমস্যাই  সদ্যগঠিত ৰাষ্ট্ৰসংঘৰ মজিয়া পাইছিলগৈ । হয়তো ইতিহাসৰ সেইসময়ৰ ঘটনা-প্ৰবাহলৈ  লক্ষ্য কৰিলে তাক নিয়তিৰে খেল বুলিও ক'ব পাৰি। প্ৰতিজন চিৰনমস্য নেতাই নিজৰ সাধ্যানুসাৰে এখন শক্তিশালী ভাৰত ৰাষ্ট্ৰৰ গঠনত অহোপুৰুষাৰ্থ কৰিছিল। ইতিমধ্যেই মহাত্মা গান্ধীৰ হত্যা আৰু স্বাধীনতা লাভৰ মাত্ৰ তিনি বছৰৰ পাছত বল্লভ ভাই পেটেলৰ মৃত্যুৱে এই কাৰ্যত বহু ক্ষতি কৰিছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰা   কৰাচী চুক্তিৰ ৰূপত যি শান্তিৰ চনদত স্বাক্ষৰ হৈছিল  তাৰ ফলস্বৰূপে যুদ্ধবিৰাম হৈ  এল অ চি  স্থাপন হৈছিল। তদুপৰি পাকিস্তানৰ সেনাক কাশ্মীৰৰ ভূখণ্ডৰ  পৰা  আঁতৰাই নিলেহে  ভাৰতীয় সেনাও তাৰপৰা আঁতৰি আহিব বুলি ৰাষ্ট্ৰসংঘৰ অনুমোদন প্ৰাপ্ত সেই চুক্তিত উল্লেখ আছিল। সেই তেতিয়াৰ পৰাই এল অ চিৰ সিটো পাৰে যি পাক অধিকৃত কাশ্মীৰ সৃষ্টি হ'ল সেই ভূখণ্ড  পাকিস্তানৰ হাততেই  থাকি যায়। পাকিস্তানে নিজৰ  সেনা-বাহিনী কেতিয়াও  সেই অঞ্চলৰ পৰা আঁতৰাই নিনিলে তাৰ ফলত ৰাষ্ট্ৰসংঘৰ কৰাচী চনদৰ তৃতীয়টো নিৰ্দেশ পালন সম্ভৱ হৈ নুঠিল। কিয়নো জনমতৰ দ্বাৰা কাশ্মীৰৰ জনতাই পাকিস্তানৰ অংশ হ'বনে ভাৰতৰ অংশ হ'ব সেয়া নিৰ্ধাৰণ কৰাটো আছিল এই তৃতীয় নিৰ্দেশত।  আৰু  ১৯৬২ চনৰ চীন আৰু ১৯৭১ চনৰ পাকিস্তানৰ যুদ্ধ আদিয়ে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওপৰত মাত্ৰাধিক চাপ দিছিল। তাৰ মাজতে বহুবাৰ কাশ্মীৰৰ সংবিধানৰ সংশোধন হৈছিল। ৰজা হৰিসিংহৰ বিলয়ৰ চুক্তি মতেই কেৱল প্ৰতিৰক্ষা, বিত্ত, যোগাযোগ ব্যৱস্থা আৰু  বৈদেশিক পৰিক্ৰমা বিভাগৰ বাহিৰে আন কোনো আভ্যন্তৰীণ বিষয়তে কেন্দ্ৰীয় চৰকাৰৰ কোনো অধিকাৰ  নাছিল।
      
       সি যি কি নহওক, সমস্যা জীয়াই থাকিল আৰু অসংখ্যবাৰ ভাৰত-মাতৃৰ বীৰসন্তানে এই সমস্যাৰ জলন্ত অগ্নিকুণ্ডত নিজৰ প্ৰাণ আহুতি দি থাকিল। অসম মাতৃৰ বহুতো বীৰ সন্তানেই এই কাশ্মীৰৰ  বাবে ইতিমধ্যেই প্ৰাণ আহুতি দিছে।প্ৰতিজন ভাৰতীয় বীৰ সেনাই বীৰগতি লাভ কৰি ধন্য হয়। সীমাৰ সিপাৰৰ পৰা  পৰৱৰ্তীকালত বহু ধৰণেৰে  কাশ্মীৰৰ শান্তি শৃংখলা বিনষ্ট কৰি পাকিস্তানে  ভাৰতৰ বীৰ সন্তান সকলক  প্ৰাণ আহুতি 
দিয়াৰ বাবে বাধ্য কৰে।  জন্মু কাশ্মীৰক বিশেষ  সুবিধা প্ৰদান কৰা এই ৩৭০ নং অনুচ্ছেদটো আৰু ১৯৫৪ চনৰ আইনৰ অধীনত প্ৰৱৰ্তন কৰা ৩৫ক' ইও সহায় কৰিছিল।

 ২০১৯  চনৰ ঐতিহাসিক তিথি ৫ আগষ্ট।  ভাৰতৰ ইতিহাসৰ পাতত এক বিশেষ দিন হিচাপে স্বীকৃতি লাভ কৰিবলগীয়া এই দিনটোত সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি নিৱদ্ধ আছিল কাশ্মীৰৰ ওপৰত। ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই সংসদত উত্থাপন কৰা বিলৰ ফলস্বৰূপে সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদটো আৰু ৩৫ 'ক' বাদ দিয়া হৈছিল। জন্মু কাশ্মীৰক বিশেষ ৰাজ্য হিচাপে অতিৰিক্ত সুবিধা  দিয়া এই অনুচ্ছেদ আতঁৰাই দিয়াৰ লগতে  পুনৰ্গঠন নীতিৰ জৰিয়তে ৰাজ্যখনকে দুখন স্বায়ত্ব শাসিত অঞ্চললৈ  ভাগ কৰা হ'ল। এই ঐতিহাসিক ঘটনাৰ সাক্ষী হোৱাসকলৰ  সকলোৱে হয়তো কাশ্মীৰৰ সমস্যাৰ আৰম্ভণিৰ পৰাই ইতিহাস জনাৰ চেষ্টা কৰিছে।

আগলৈ•••

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)